danewsplus.com
danewsplus.com

লাইনচ্যুত হৈছে গুৱাহাটীমুখী ইণ্টাৰচিটি এক্সপ্ৰেছ

0 273

মাৰ্ঘেৰিটাত লাইনচ্যুত হৈছে লিডুৰ পৰা গুৱাহাটীমুখী ইণ্টাৰচিটি এক্সপ্ৰেছ। দেওবাৰে বিয়লি ৩.১৫ বজাত লিডুৰ পৰা যাত্ৰা আৰম্ভ কৰি প্ৰায় তিনিকিলোমিটাৰ মান যোৱাৰ পিছতে বৰগোলাই ষ্টেছনৰ সমীপত কেকুৰী এটা ঘূৰোতেই ৰেলখনৰ ইঞ্জিনটোৰ চকা লাইনচ্যুত হয়।

অৱশ্যে কেনেকৈ ৰে’লখন লাইনচ্যুত হ’বলৈ পালে সেই প্ৰসংগত বিভাগীয় লোকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। আনহাতে ৰে’লখনত থকা কোনো যাত্ৰী হতাহত হোৱা নাই।

Leave A Reply

Your email address will not be published.