danewsplus.com
danewsplus.com

লামডিঙত ৰে’ল আৰক্ষীয়ে জব্দ কৰিলে ৫০ লাখ টকাৰ সোণ

0 122

ৰে’লেৰে অব্যাহত আছে চোৰাং সোণৰ ৰমৰমীয়া বেহা। লামডিঙত ৫ খন সোণৰ বিস্কুটসহ আৰক্ষীয়ে আটক কৰিলে এজন লোকক। ০৩১৭৪ নম্বৰ আগৰতলা-শিয়ালদাহ কাঞ্চনজংঘা এস্কপ্ৰেছ ৰে’লৰ এছ ২ ডবাৰ পৰা উদ্ধাৰ সোণখিনি৷

লামডিং জি আৰ পিৰ নিয়মীয়া তালাচীত হাবিলদাৰ প্ৰাণটোচ নন্দীয়ে জব্দ কৰে সোণখিনি৷ উদ্ধাৰ হোৱা সোণখিনিৰ ওজন প্ৰায় ৫৮৩.৩ গ্ৰাম হোৱাৰ বিপৰীতে সোণখিনিৰ বজাৰ মূল্য ৫০ লাখ টকা হ’ব বুলি জিআৰপিয়ে সন্দেহ ব্যক্ত কৰিছে। সোণৰ লগত আটক হোৱা যুৱকজন জালালপুৰৰ পৃথ্বী সাহ৷

Leave A Reply

Your email address will not be published.