danewsplus.com
danewsplus.com

কিদৰে আঁতৰিব বৃদ্ধাবাসৰ সংকট ? মাডাৰ বৃদ্ধাবাসত সমাজকল্যাণ মন্ত্ৰী অজন্তা নেওগ

0 342

মাডাৰ বৃদ্ধাবাসত সমাজকল্যাণ মন্ত্ৰী অজন্তা নেওগ। উত্পল-মণিকাক লগত বহুৱাই সমাধানৰ সুত্ৰৰ সন্ধান মন্ত্ৰীগৰাকীৰ। ‘মই কথা দিছো, সমস্যা শীঘ্ৰে সমাধান হ’ব’ বুলিও মন্তব্য় প্ৰকাশ অজন্তা নেওগৰ।


তিনিদিনীয়া অন্তৰ্কন্দলত জৰ্জৰিত মহানগৰীৰ সিজুবাৰিস্থিত মাডাৰ বৃদ্ধাবাসত বৃহস্পতিবাৰে উপস্থিত হল ৰাজ্যৰ সমাজকল্যান বিভাগৰ মন্ত্ৰী অজন্তা নেওগ। বৃদ্ধাবাসটোত সৃষ্টি হোৱা সমস্যাৰ বুজ ললে মন্ত্ৰীগৰাকীয়ে। আশ্ৰমখনৰ সভাপতি-সম্পাদিকাৰ দায়িত্বত থকা উত্পল-মণিকাৰ ভয়ংকৰ সংঘাটৰ বাবে বুধবাৰে আশ্ৰম এৰাৰ সিদ্ধান্ত লৈছিল বৃদ্ধাশ্ৰমখনৰ আইতাসকলে।

আশ্ৰমখনত সৃষ্টি হোৱা গৃহকন্দলৰ কথা মুখ্যমন্ত্ৰীৰ অৱগত হোৱাৰ লগে লগে আশ্ৰমৰ বিবাদ নিস্পত্তিৰ দায়িত্ব অৰ্পণ কৰিছিল সমাজ কল্যান মন্ত্ৰী অজন্তা নেওগক। শীঘ্ৰেই আশ্ৰমখনত উপস্থিত হৈ সমগ্ৰ বিষয় বুজ লবলৈ নিৰ্দেশ প্ৰদান কৰিছিল মন্ত্ৰী অজন্তা নেওগক। আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই বৃহস্পতিবাৰে মাডাৰ বৃদ্ধাবাসত উপস্থিত হল মন্ত্ৰীগৰাকী।

পাছে দীৰ্ঘদিন ধৰি আশ্ৰমখন চোৱাচিতাৰ দায়িত্বত থকা উত্পল-মণিকাৰ পাৰস্পৰিক সংঘাটক মন্ত্ৰী অজন্তা নেওগে চম্ভালিবলৈ সক্ষম হবনে? আশ্ৰমখনৰ আইতাসকলৰ মাজত পূৰ্বৰ সেই সুখ-শান্তি ঘূৰি আহিবনে নে নাই সেয়াহে হ’ব লক্ষণীয় বিষয়। কিয়নো মন্ত্ৰী অজন্তা নেওগে যিমানেই নুবোজাওক হৈ যোৱা ঘটনাসমূহক সহজভাৱে লব পৰা নাই বৃদ্ধাশ্ৰমখনৰ আইতাসকলে।

Leave A Reply

Your email address will not be published.