danewsplus.com
danewsplus.com

শিশুসকলৰ বাবে আহি আছে ক’ভিড ভেকচিন!

0 111

অহা ছেপ্টেম্বৰ মাহৰ ভিতৰতে আহিব পাৰে শিশুসকলৰ বাবে ক’ভিড ভেকচিন। বুধবাৰে এই কথা প্ৰকাশ কৰে নতুন দিল্লীস্থিত এইমছৰ সঞ্চালক ৰণদ্বীপ গুলেৰিয়াই। তেওঁ কয় যে, ভাৰতৰ কোভিডৰ টিকা প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ভাৰত বায়’টেকে শিশুসকলৰ বাবে প্ৰতিষেধক প্ৰস্তুত কৰি আছে।

উল্লেখ্য যে, ৭ জুনৰ পৰা হিউমেন ক্লিনিকেল ট্ৰায়েল আৰম্ভ হৈছে। অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত এই প্ৰতিষেধকৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ হিউমেন ক্লিনিকেল ট্ৰায়েল সম্পন্ন হ’ব।

একেটা মাহতে প্ৰতিষেধকবিধ বজাৰত মুকলি কৰি দিয়াৰো সম্ভাৱনা আছে। একেদৰে মাৰ্কিন সংস্থা ফাইজাৰ আৰু বায়’এনটেকে শিশুৰ বাবে প্ৰস্তুত কৰা প্ৰতিষেধকো ভাৰতত মুকলি কৰি দিয়া হ’ব পাৰে।

Leave A Reply

Your email address will not be published.