danewsplus.com
danewsplus.com

৩ বছৰে মাতৃৰ সন্ধান নাপালে, আজি ক’ৰোনাই পিতৃকো কাঢ়ি নিলে, কি হ’ব হিমাক্ষী-ৰাহুলৰ…

0 108

ডিজিটেল সংবাদ, ছয়গাঁওঃ ভাল খবৰবোৰ কষ্টৰ ফলতহে আহে। বেয়া খবৰবোৰ নিবিচৰাকৈয়ে সকলোৰে জীৱনলৈ আহে। এইবাৰ দুই বায়েক-ভায়েকৰ জীৱনলৈ আহিল বেয়া খবৰ। এই বেয়া খবৰ কোনোদিনে পাহৰিব নোৱাৰা আৰু কোনো ভাল খবৰে পূৰ কৰিব নোৱাৰা। ক’ৰোনাৰ বাবেই অভিভাৱকহীন হ’ল হিমাক্ষী আৰু ৰাহুল।

কাল ক’ৰোনাই প্ৰাণ কাঢ়িলে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ মাকেলী গাঁৱৰ নিবাসী তথা শিক্ষক ৰবীন বড়োৰ। পিতৃৰ এই অকাল মৃত্যুত হিমাক্ষী আৰু ৰাহুলৰ জীৱনলৈ নামি আহিল ঘোৰ অমানিশা। ৩ বছৰ ধৰি মাক সন্ধানহীন হৈ থকা দুই সন্তানৰ একমাত্ৰ সম্বল হিচাপে থকা পিতৃও হাৰ মানিলে কাল ক’ৰোনাৰ ওচৰত।

জানিব পৰা মতে, সাতগাঁও আঞ্চলিক হাইস্কুলত ২৮ বছৰ ধৰি বিনা বেতনে শিক্ষাদান কৰি অহা পিতৃ ৰবীন বড়োৰ এই অকাল মৃত্যুত দুই সন্তানৰ জীৱনলৈ নামি আহিল ঘোৰ অমানিশা। উচ্চ শিক্ষা লোৱাৰ দুৰ্বাৰ হেপাহ থকা ছয়গাঁও মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী হিমাক্ষী বড়ো আৰু নৱম শ্ৰেণীত পঢ়া পুত্ৰ ৰাহুল বড়োৰ ভৱিষ্যত অন্ধকাৰ হ’ব নেকি তাক লৈ চিন্তিত হৈ পৰিছে দুই সন্তান। ঘাত মাউৰা হৈ হিমাক্ষী বড়োৱে অসম চৰকাৰক এটি সংস্থাপন দিয়াৰ বাবে কাতৰ আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.