danewsplus.com
danewsplus.com

প্ৰয়াত ড৹ মামণি ৰয়ছম গোস্বামীৰ একালৰ ঘনিষ্ঠ নিলিমা দাস জটিল ৰোগত আক্ৰান্ত

0 367

ডিজিটেল ডেস্ক, ২৩ জুন: জটিল ৰোগত আক্ৰান্ত প্ৰয়াত ড৹ মামণি ৰয়ছম গোস্বামীৰ একালৰ ঘনিষ্ঠ নিলিমা দাস। মামণি ৰয়ছম গোস্বামীৰ ব‍্যক্তিগত সহায়কাৰী হিচাপে থকা ৰঙিয়াৰ নিলিমা দাস বৰ্তমান এক জটিল ৰোগত আক্ৰান্ত। ধনৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত নিলিমা দাস। কিছুদিন পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল নিলিমা দাসৰ। তাৰ পিছৰে পৰা শয‍্যাশায়ী হৈ আছে নিলিমা।

কোনোমতে দিন হাজিৰা কৰি পেট প্ৰৱৰ্তোৱা নিলিমাৰ পিতৃয়ে উন্নত চিকিৎসা কৰিবলৈ অপৰাগ। ইতিমধ্যে পৰিয়ালটোৱে চিকিৎসাৰ বাবে যথেষ্ট অৰ্থ ব‍্যয় কৰি এতিয়া অসহায় হৈ পৰিছে। এসময়ত ড৹ মামণি ৰয়ছম গোস্বামীৰ লগত থকা নিলিমাৰ এতিয়া ৰোগশয‍্যাত পৰি চকুলো টোকাৰ বাদে অন্য কোনো বিকল্প ব্যৱস্থা নাই। চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰা নিলিমা দাসে এতিয়া মুখ্যমন্ত্ৰী, ৰঙিয়াৰ বিধায়ক তথা সদাশয় ব‍্যক্তিলৈ কৰযোৰে আবেদন কৰি তেওঁক যাতে অকণমান সহায় কৰে তাৰবাবে অনুৰোধ জনাইছে।

Leave A Reply

Your email address will not be published.