danewsplus.com
danewsplus.com

দৌৰি দৌৰি পিছ নপৰা মিলখা সিঙে অৱশেষত জীৱন যুদ্ধত হাৰ মানিলে

0 146

‘ভাগ মিলখা ভাগ’ অৱশেষত গুচি গ’লগৈ অজান দেশলৈ কিংবদন্তি ক্ৰীড়াবিদ মিলখা সিং। কোনোদিনে দৌৰত পিছ নপৰা মিলখা সিং ক’ভিডৰে যুঁজি জীৱন যুদ্ধত হাৰ মানিলে। ক’ভিডত আক্ৰান্ত হৈ মৃত্যু মিলখা সিঙৰ। শুকুৰবাৰে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল। শৰীৰত অক্সিজেনৰ পৰিমাণ হ্ৰাস পাইছিল। চণ্ডীগড়ৰ PGIMER-ত চিকিৎসাধীন হৈ আছিল ক্ৰীড়াবিদগৰাকী।

ইফালে স্বাস্থ্যৰ অৱস্থা উন্নত হোৱা দেখি মাত্ৰ দুদিন পূৰ্বে তেওঁক আই চি ইউৰ পৰা মুকলি কৰা হৈছিল। মাত্ৰ কেইদিনমান পূৰ্বে ক’ৰোনাত আক্ৰান্ত হৈ কিংবদন্তি ক্ৰীড়াবিদগৰাকীৰ পত্নীৰো মৃত্যু হৈছিল।

তেওঁৰ মৃত্যুত সকলো লোকেই শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ প্রতিগৰাকী লোকেই আজি শোকত ম্ৰিয়মান হৈ পৰিছে। তেওঁৰ মৃত্যুত দেশৰ ক্ৰীড়া মহলত শোকৰ ছাঁ পৰিছে।

‘ফ্লাইং শিখ’ বুলি কোৱা মিলখা সিঙে এছিয়ান গেমছত চাৰিটাকৈ সোণৰ পদক জিকি ট্ৰেক এণ্ড ফিল্ডত নিজৰ নাম জিলিকাইছিল। ১৯৫৮ চনত কাৰ্ডিফত অনুষ্ঠিত কমনৱেল্থ গেমছত স্বৰ্ণ পদক জয় কৰিছিল। ১৯৬০ চনৰ ৰোম গেমছৰ ৪০০ মিটাৰ ফাইনেলত চতুৰ্থ স্থান লাভ কৰি অলিম্পিক পদকৰ পৰা বঞ্চিত হয়। ১৯৫৬ আৰু ১৯৬৪ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হৈছিল সিঙক।

Leave A Reply

Your email address will not be published.