danewsplus.com
danewsplus.com

কোকৰাঝাৰত দুই ভগ্নীৰ ৰহস্যজনক মৃত্যুৰ CBI ৰ তদন্তৰ দাবী ৰাভা ছাত্ৰ সন্থাৰ

0 86

বৰ্তমানেও ৰহস্যৰ আৱৰ্তত কোকৰাঝাৰৰ অভয়াখুটিৰ দুই ভগ্নীৰ মৃত্যুৰ কাৰণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতেই সোমবাৰে CID আৰু Forensic Science Laboratory ৰ দলে পৃথক পৃথককৈ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

ঘটনা সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীয়ে সোমবাৰলৈকে ৭ গৰাকীক গ্ৰেপ্তাৰ কৰিছে যদিও এই পৰ্যন্তলৈ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। সদৌ ৰাভা ছাত্ৰ সন্থাৰ সহ-সাধাৰণ সম্পাদক দীপাংকৰ ৰাভাই এই ঘটনাৰ বাবে চি বি আইৰ তদন্ত কৰিবলৈ দাবী জনাইছে।

ইফালে, Assam State Commission for protection of Child Rights (ASCPCR) ৰ অধ্যক্ষ ডঃ ছুনিতা চাংকাকটিও দুই ভগ্নীৰ দুৰ্ভগীয়া পৰিয়ালক সাক্ষাৎ কৰে।

উল্লেখযোগ্য যে, শুকুৰবাৰে কোকৰাঝাৰৰ পৰা ১৫ কিলোমিটাৰ নিলগত অৱস্থিত অভয়াখুটি গাঁৱত দুই ভগ্নীৰ মৃতদেহ উদ্ধাৰ হয়। এজোপা আমগছৰ একেটা ডালতে দুই কিশোৰী ক্ৰমে ৰবিথা ৰাভা আৰু সমাইনা ৰাভাই চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ কেইটা। এই ঘটনাৰ পাচতে সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। কিহৰ বাবে এই ঘটনা সংঘটিত হ’ল একমাত্ৰ তাৰেই আশাত দিন কটাইছে নিহতৰ পৰিয়ালে।

Leave A Reply

Your email address will not be published.