danewsplus.com
danewsplus.com

ড্ৰাগছ সেৱন কৰি আৰক্ষীৰ ৰোষত সাংবাদিক

0 118

এইবাৰ ড্ৰাগছ সেৱন কৰি আৰক্ষীৰ ৰোষত পৰিল খোদ সাংবাদিক।কানি আৰু ড্ৰাগছ সেৱন কৰি আৰক্ষীৰ জালত এগৰাকী সাংবাদিক। এই ঘটনা তিনিচুকীয়াৰ।

জিলাখনৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত বেতনী বৰতৰানী গাৱঁত ড্ৰাগছ আৰু কানি সেৱন কৰি থাকোতে ৰাইজে উত্তম মাধ্যম সোধাই গতাই দিলে আৰক্ষীক। লগতে স্থানীয় ৰাইজে জব্দ কৰে এখন মটৰ চাইকেল ৷ লগতে জব্দ কৰে আপত্তিজনক কিছু সামগ্ৰী।

ৰাইজে আটক কৰা সাংবাদিকগৰাকী তিনিচুকীয়াৰ এক স্থানীয় পৰ্টেলৰ সাংবাদিক সুমন কৰে বৰতৰানী বুলি জানিব পৰা গৈছে। উক্ত গাৱঁৰ নালোৱা মৰাণ বৰাৰ ঘৰত কানি সেৱন কৰিবলৈ অহাৰ সময়তে গাঁওবাসীয়ে আটক কৰে সাংবাদিকগৰাকীক । সাংবাদিকগৰাকীৰ লগত আন এজন যুৱকো আহিছিল।

একাংশ অনুজ্ঞাপত্ৰ বিহীন নিউজ পৰ্টেলৰ সাংবাদিকে এনেদৰে ক’ভিড পৰিস্হিতিৰ মাজতো সান্ধ্য আইন ভংগ কৰি তিনিচুকীয়াত ড্ৰাগছৰ নিৰ্বিঘ্নে ৰমৰমীয়া ব্যৱসায় চলাই আহিছে।

Leave A Reply

Your email address will not be published.