danewsplus.com
danewsplus.com

এটা আগ্নেয়গিৰি উদগিৰণে অভাৱনীয় দুৰ্যোগৰ সূচনা কৰিছে কংগোত

0 167

এটা আগ্নেয়গিৰি উদগিৰণে অভাৱনীয় দুৰ্যোগৰ সূচনা কৰিছে পশ্চিম আফ্ৰিকাৰ দেশ কংগোত৷ উত্তপ্ত লাভাই ঢাকি পেলাইছে কাষৰীয়া জনবসতিপূৰ্ণ অঞ্চলসমূহ৷ ইতিমধ্যে ৩০জনৰো অধিক লোকৰ মৃত্যু ঘটিছে৷ লাভাত পোত গৈছে কেইবাশ ঘৰ৷ সন্ধানহীন হৈ আছে বহু শিশু৷

মাউণ্ট নিয়াৰাগংগো নামৰ এই আগ্নেয়গিৰিটো শনিবাৰে উদগিৰণ হোৱাৰ পিছত হাজাৰ হাজাৰ লোকে প্ৰাণৰ মায়াত পলায়ন কৰিছে চুবুৰীয়া ৰাৱাণ্ডালৈ৷ ৰাষ্ট্ৰসংঘকে ধৰি বিভিন্ন আন্তৰাষ্ট্ৰীয় সংস্থাই বৰ্তমান চলাই আছে উদ্ধাৰ অভিযান৷ প্ৰেৰণ কৰা হৈছে সাহায্য সামগ্ৰী৷ উদ্ধাৰ অভিযানত ভাৰতীয় সেনাও নিয়োগ কৰা হৈছে৷

Leave A Reply

Your email address will not be published.