danewsplus.com
danewsplus.com

নিৰ্বাক আৰু গান্ধী স্মৃতি আৰু দৰ্শন সমিতি, নতুন দিল্লীৰ অনলাইন কৰ্মশালা

0 179

নিৰ্বাক আৰু নতুন দিল্লীৰ গান্ধী স্মৃতি আৰু দর্শন সমিতিৰ যুটীয়া উদ্যোগত “POSITIVITY unlimited” (পজিটিভিটি আনলিমিটেড) শীৰ্ষক এক অনলাইন কৰ্মশালা অনুষ্ঠিত হৈ যায়। ক’ৰোনা মহামাৰীৰ বাবে স্কুল কলেজ বন্ধ হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰী সকল ঘৰতেই আবদ্ধ হৈ পৰিছে।

এই সময় চোৱাত ছাত্ৰ-ছাত্ৰী সকলে নিজকে ইতিবাচক ৰূপত ৰাখি কি কি কামত মনোনিবেশ কৰা উচিত তাৰ ওপৰতেই এই কৰ্মশালা অনুষ্ঠিত হয়। ভাৰতৰ বিভিন্ন স্থানৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে সম্পন্ন হোৱা এই কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে নতুন দিল্লীৰ গান্ধী স্মৃতি দৰ্শন সমিতিৰ উত্তৰ পূবৰ সমন্বয়ক গুলচন গুপ্তা, মনোতত্ববিদ লিজা হাজৰিকা আৰু অনিশা কোঁৱৰৰ লগতে পুথিভৰাল শিক্ষাবিদ ঋতুপূৰ্ণ উপস্থিত থাকে।

ইয়াৰ উপৰিও এই কৰ্মশালাত ৰাজ্যিক বাল ভৱনৰ প্ৰাক্তন অধ্যক্ষা কবিতা শৰ্মা ভট্টাচাৰ্য আৰু ৰূমজুম গোস্বামী উপস্থিত থাকে। প্ৰতিজন সমল ব্যক্তিয়েই ছাত্ৰ ছাত্ৰী সকলক উপৰোক্ত বিষয়ৰ ওপৰত আলোকপাত কৰাৰ লগতে সজাগ আৰু সাৱধান হৈ ইতিবাচক ৰূপত সময় বোৰ পাৰ কৰিবলৈ আহ্বান জনায়। শিশুসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিৰ্বাকে ইয়াৰ পূৰ্বেও সময়ৰ হৈয়ে সংগতি ৰাখি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে।

Leave A Reply

Your email address will not be published.