danewsplus.com
danewsplus.com

এম্বুলেঞ্চতে সন্তান প্ৰসৱ ক’ভিড আক্ৰান্তৰ

0 117

যোৰহাট জিলাত এম্বুলেঞ্চতে সন্তান প্ৰসৱ কৰিলে এগৰাকী ক’ভিড আক্ৰান্তই৷ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰিবলৈ অনা যোৰহাটৰ ভগামুখৰ এগৰাকী ক’ৰোনা আক্ৰান্ত প্ৰসুতিয়ে ১০৮ এম্বুলেঞ্চত জন্ম দিলে এটি কন্যা সন্তান৷

সীমিত সা-সুবিধাৰে সুস্থ অৱস্থাত সন্তানটি প্ৰসৱ কৰোৱাবলৈ সক্ষম হোৱাত স্বাভাৱিকতে এতিয়া সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈছে ১০৮ এম্বুলেঞ্চখনৰ স্বাস্থ্যকৰ্মী৷ সম্প্রতি শিশুসহ চিন্তামনি গড়ৰ জোনালী শইকীয়া সুস্থ অৱস্থাত চিকিৎসাধীন হৈ আছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত৷

Leave A Reply

Your email address will not be published.