danewsplus.com
danewsplus.com

মুখ্যমন্ত্ৰিত্ব হেৰুৱাই সৰ্বানন্দ সোণোৱালৰ কঠোৰ সিদ্ধান্ত! আগে-পিছে গিজগিজাই থাকিবলৈ নিদিয়ে নিৰাপত্তাৰক্ষী

0 119

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰত্যাহাৰ কৰিলে জেড প্লাছ ছিকিউৰিটী৷ নিজেই প্ৰত্যাহাৰ কৰিলে জেড প্লাছ ছিকিউৰিটী৷ মাত্ৰ ৩গৰাকী নিৰাপত্তাৰক্ষী লগত ৰাখি বাকীসকলক যাবলৈ দিলে সৰ্বানন্দ সোণোৱালে৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মতে, তেওঁ এতিয়া কেৱল মাজুলীৰ বিধায়কহে৷

উল্লেখ্য যে, সোমবাৰে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব বিজেপি বিধায়িনী দলৰ দলপতি হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে এইক্ষেত্ৰত প্ৰস্তুতি সম্পন্ন হৈছে। সোমবাৰে দুপৰীয়া ১২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ কেবিনেটে।

হিমন্ত বিশ্ব শৰ্মা বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পিছত অসমৰ দ্বিতীয়গৰাকী বিজেপি দলৰ পৰা নিৰ্বাচিত মুখ্যমন্ত্ৰী। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত দেওবাৰে অনুষ্ঠিত হৈছিল বিজেপি বিধায়িনী দলৰ বৈঠক। সেই বৈঠকতে তেওঁক নিৰ্বাচিত কৰা হয়।

Leave A Reply

Your email address will not be published.