danewsplus.com
danewsplus.com

পদত্যাগ কৰিলে সৰ্বানন্দ সোণোৱালে, অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

0 91

অৱশেষত খবৰটো আহিল। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম নিশ্চিত কৰা হৈছে। দীৰ্ঘদিনীয়া অপেক্ষা আৰু বিজেপিৰ শীৰ্ষ মহলৰ গণনাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম নিৰ্বাচিত হ’ল।

ইতিমধ্যে পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম মুখ্যমন্ত্ৰী হিচাপে প্ৰস্তাৱ কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰস্তাৱ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে সমৰ্থন কৰিছে। একেদৰে বিধায়িনী দলৰ বৈঠকত উপস্থিত আন আন বিধায়কসকলেও সমৰ্থন কৰিছে।

সোমবাৰে মুখ্যমন্ত্ৰী হিচাপে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে শপতগ্ৰহণৰ বাবে শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰি সজাই-পৰাই তোলা হৈছে।

কিছু সময় পূৰ্বে ৰাজভৱনলৈ গৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যপাল জগদীশ মুখীৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছে। প্ৰথমাৱস্থাত মুখ্যমন্ত্ৰী নাম ঘোষণাৰ প্ৰসংগ অনিশ্চিত হৈ আছিল যদিও অৱশেষত দেওবাৰৰ দুপৰীয়াৰ ভাগত ঘোষণা হ’ল নতুন মুখ্যমন্ত্ৰীৰ নাম।

Leave A Reply

Your email address will not be published.