danewsplus.com
danewsplus.com

ক’ৰোনাৰ ভেকচিন কঢ়িয়াই অনা বিমান দুৰ্ঘটনাত পতিত

0 151

ক’ৰোনা ভেকচিন কঢ়িয়াই অনা বিমানৰ দুৰ্ঘটনা৷ চকা খুলি পৰাৰ বাবে ততাতৈয়াকৈ অৱতৰণ কৰিবলগীয়া হয় বিমানখন৷ উক্ত দুৰ্ঘটনাত চালক আৰু সহকাৰী চালকসহ তিনিজন আহত হয়৷

মুম্বাইৰ ছত্ৰপতি শিৱাজী আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত নিশাৰ ভাগত এই ঘটনা সংঘটিত হয়। ক’ৰোনাৰ ভেকচিনৰ লগতে এজন ক’ভিড ৰোগী, চিকিৎসকসহ ৫জন লোক লৈ এই বিমানখনে নাগপুৰৰ পৰা উৰা মাৰিছিল হায়দৰাবাদ অভিমুখে৷ কিন্তু আকাশতে এই বিছক্ৰাফ্ট C90-B বিমানখনৰ চকা খুলি পৰাত যাত্ৰাপথ সলনি কৰি চালকে ততাতৈয়াকৈ বিমানখন অৱতৰণ কৰোৱাই মুম্বাইৰ ছত্ৰপতি শিৱাজী আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত৷

ইফালে এটা চকা নোহোৱা বাবে বেলি লেণ্ডিং কৰিবলগীয়া হোৱাত আহত হয় চালকসহ তিনিজন৷ অৱশ্যে এই দুৰ্ঘটনাত আটাইকেইজন লোকেই বিপদমুক্ত হৈ ৰয়৷

Leave A Reply

Your email address will not be published.