danewsplus.com
danewsplus.com

চেঙাত হাতত এচাৰি লৈ ক’ভিড প্ৰট’কল অমান্য কৰা বজাৰ বন্ধ কৰিলে চক্ৰ বিষয়াই

0 126

ক’ৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ বাবে ৰাজ্যত নতুনকৈ জাৰি কৰা হৈছে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। বুধবাৰৰ পৰা প্ৰযোজ্য হৈছে এইসমূহ নতুন নিৰ্দেশনা। দিনৰ দুই বজাত দোকান-পোহাৰ, হাট- বজাৰ বন্ধৰো নিৰ্দেশ দিয়া হৈছিল জিলা প্ৰশাসনৰ তৰফৰ পৰা। কাৰ্যতঃ চৰকাৰে জাৰি কৰা এই নিৰ্দেশনা একাংশ ব্যৱসায়ীয়ে ভংগ কৰা পৰিলক্ষিত হৈছে।

একাংশ অসচেতন লোকৰ বাবেই বৃহস্পতিবাৰে বৰপেটা জিলাৰ বহৰি সাপ্তাহিক বজাৰত ধোঁৱাচাঙত উঠিল ক’ভিড প্ৰট’কল। দিনৰ দুই বজাৰ পাছতো বহৰিত খোলা হৈ থাকিল বজাৰ। ফলত বাধ্য হৈ বজাৰখনত উপস্থিত হয় চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নিতুল খাটনিয়াৰ।

তাৰাবাৰী আৰক্ষী থানাৰ এটি আৰক্ষীৰ দল লগত লৈ চক্ৰ বিষয়াগৰাকীয়ে এফালৰ পৰা ভাঙি দিয়ে বজাৰ। বিশেষকৈ পাঁচলি বজাৰত হাতত এচাৰি লৈ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গ’ল চক্ৰ বিষয়া নিতুল খাটনিয়াৰক। ক’ভিড প্ৰট’কল মানি চলিবলৈ ব্যৱসায়ী সকলক সঁকিয়াই দিয়ে চক্ৰ বিষয়া নিতুল খাটনিয়াৰে।

Leave A Reply

Your email address will not be published.