danewsplus.com
danewsplus.com

পুনৰবাৰ সহস্ৰাধিকৰ হৃদয় জিনিলে জুবিন গাৰ্গে, ক’ভিড কেয়াৰ চেন্টাৰৰ বাবে প্ৰদান কৰিলে নিজৰ ঘৰ…

0 138

অসমত এতিয়া ক’ৰোনাকেন্দ্ৰীক পৰিস্থিতিৰ বাবে সকলো লোক উদ্বিগ্ন। কেনেকৈ এই সংকটৰ সময়ত সকলো লোক সজাগ হৈ ক’ভিডৰ বিৰুদ্ধে যুঁজ কৰিব পাৰি সকলোৱে এইক্ষেত্ৰত মনোনিৱেশ কৰিছে। এনেসময়তে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু তেওঁ পত্নী গৰিমা শইকীয়া গাৰ্গ তথা বৃন্দাবন চুপাৰমাৰ্টৰ তৰফৰ পৰা এটা বিশেষ ঘোষণা কৰিছে।

বৃন্দাবন চুপাৰমাৰ্টৰ কাহিলীপাৰাস্থিত ঘৰটো চৰকাৰে ক’ভিড কেয়াৰ চেন্টাৰ‌ হিচাপে ব্যৱহাৰ কৰিব পাৰিব বুলি ফেচবুকযোগে প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে। লগতে বৃন্দাবন থিয়েটাৰৰ দুখন ট্ৰাক সকলো সময়তে ক’ভিড সম্পৰ্কীয় কামত ব্যৱহাৰ কৰাৰ বাবে চৰকাৰ/প্ৰশাসনক প্ৰদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

ফেচবুকত গৰিমা শইকীয়া গাৰ্গে লিখিছে, ”ইয়াৰ দ্বাৰা আমি বৃন্দাবন চুপাৰমাৰ্টৰ তৰফৰ পৰা জনাব বিচাৰিছো যে আমাৰ কাহিলীপাৰাস্থিত দুমহলীয়া ঘৰটো ক’ভিড কেয়াৰ কেন্দ্ৰ হিচাবে ব্যৱহাৰ কৰিবলৈ আৰু লগতে বৃন্দাবন থিয়েটাৰৰ দুখন ট্ৰাক সকলো সময়তে ক’ভিড সম্পৰ্কীয় কামত ব্যৱহাৰ কৰাৰ বাবে চৰকাৰ/প্ৰশাসনক প্ৰদান কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছোঁ।”

বৃন্দাবন চুপাৰমাৰ্ট তথা জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ এই পদক্ষেপক সকলো লোকে প্ৰশংসা কৰিছে। ক’ৰোনাৰ সৈতে এই জটিল সময়ত যুঁজ কৰিবলৈ সকলো লোকে এনেদৰে আগবাঢ়ি আহিব লাগে বুলিও বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.