danewsplus.com
danewsplus.com

ক’ৰোনাত আক্ৰান্ত হৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অজিত সিঙৰ মৃত্যু

0 98

ক’ৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অজিত সিঙে। প্ৰায় ১৫ দিন ক’ভিডৰ সৈতে যুঁজি হাৰ মানিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। টুইট যোগে পিতৃৰ মৃত্যুৰ কথা ঘোষণা কৰিছে অজিত সিঙৰ পুত্ৰ জয়ন্ত চৌধুৰীয়ে৷

উল্লেখ্য যে, ২০ এপ্ৰিলত ক’ৰোনাত আক্ৰান্ত হৈছিল প্ৰাক্তন মন্ত্ৰী সিং৷ তাৰ পিছতে জটিল হৈছিল তেখেতৰ স্বাস্থ্যৰ অৱস্থা। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ।

সিঙৰ মৃত্যুত দেশৰ ৰাজনৈতিক মহলত শোকৰ ছাঁ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.