danewsplus.com
danewsplus.com

গুৱাহাটীত ২০ দিনত ক’ৰোনাত আক্ৰান্ত ১৭,৬৯০ জন, মৃত্যু ১০০ জনৰ…

0 112

কৰো’নাৰ হটস্পটত পৰিণত হৈছে গুৱাহাটী মহানগৰীৰ ৮ টাকৈ ৱাৰ্ড। প্ৰতিদিনে ১০০০ তকৈ অধিক লোক ক’ভিডত আক্ৰান্ত হোৱাৰ পিছতে অধিক সজাগ হৈছে জিলা প্ৰশাসন। কেনেদৰে এই সংকটৰ সময়ত জনসাধাৰণক ৰক্ষা কৰিব পাৰি তাৰ চিন্তাত মগ্ন হৈছে প্ৰশাসন। ক’ৰোনাত হটস্পটত পৰিণত হোৱা ৱাৰ্ডসমূহ হৈছে ৩, ৮, ১৪, ১৬, ২৪, ২৮, ২৯ আৰু ৩১ ইত্যাদি।

জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে সদৰি কৰা অনুসৰি ক’ভিডৰ হটস্পট হিচাপে চিহ্নিত ৱাৰ্ডকেইটাৰ অন্তৰ্গত স্থানসমূহ হৈছে, বেলতলা, বশিষ্ঠ, ফটাশিল আমবাৰী, বৰ্ষাপাৰা, ধীৰেনপাৰা, কুমাৰপাৰা, এটিৰোড, মাছখোৱা, ভূতনাথ, খানাপাৰা, পাঞ্জাবাৰী, হাতীগাঁও, উলুবাৰী, ৰিহাবাৰী, ডিজিপি কমপ্লেক্স, বিলপাৰ, ছলাপাৰা, পাণ্ডু, মালিগাঁও, নাৰেংগী আৰু বোন্দা।

মুঠ আক্ৰান্তৰ দিশৰ পৰা ২৮ নম্বৰ ৱাৰ্ডত আক্ৰান্ত ৭২৩ জন, ১৬ নম্বৰ ৱাৰ্ডত ৫০৬জন, ৮ নম্বৰ ৱাৰ্ডত ৪১৯ গৰাকী, ৩১ নম্বৰ ৱাৰ্ডত ৩৩৪ গৰাকী, ২৯ নম্বৰ ৱাৰ্ডত ৩২৮ গৰাকী, ১৪ নম্বৰ ৱাৰ্ডত ৩১৮ গৰাকী, ৩ নম্বৰ ৱাৰ্ডত ২৯৩ গৰাকী, ২৪ নম্বৰ ৱাৰ্ডত ২৮১ গৰাকী।

উল্লেখ্য যে, ক’ভিডৰ হটস্পটত পৰিণত হোৱা এইসমূহ স্থান অতি শীঘ্ৰেই কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰাৰ সম্ভাৱনা আছে। বিগত ২০ দিনত গুৱাহাটীত ধৰা পৰিছে ১৭,৬৯০ গৰাকী কভিড আক্ৰান্ত লোক। একেদৰে এই নিৰ্দিষ্ট সময়ত ১০০ জন লোকৰ মৃত্যু হৈছে।

Leave A Reply

Your email address will not be published.