danewsplus.com
danewsplus.com

জম্মু-কাশ্মীৰত ২ লস্কৰ সন্ত্ৰাসবাদী নিহত

0 117

জম্মু-কাশ্মীৰ: জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত ২ লস্কৰ সন্ত্ৰাসবাদী নিহত৷ বাৰামূলা জিলাৰ ছ’পোৰত মঙলবাৰে বিয়লিৰে পৰা দীৰ্ঘ সময় ধৰি লগা সংঘৰ্ষত নিহত হয় এই সন্ত্ৰাসবাদী দুটা৷ নিহত সন্ত্ৰাসবাদী দুটাৰ এটা পাক সমৰ্থিত সন্ত্ৰাসবাদী বুলি প্ৰকাশ৷ ছ’পোৰৰ নাথিপ’ৰা অঞ্চলত সন্ত্ৰাসবাদীৰ এটা দলে আত্মগোপন কৰাৰ খবৰ পাই নিৰাপত্তা বাহিনী আৰু আৰক্ষীৰ দলে আৰম্ভ কৰে অভিযান৷ সন্ত্ৰাসবাদীৰ দলে গুলীচালনা কৰাত প্ৰত্যুত্তৰ দিয়ে নিৰাপত্তা বাহিনীয়ে৷ ইয়াৰ পিছতে দীৰ্ঘসময় ধৰি চলা গুলীয়াগুলীত নিহত হয় সন্ত্ৰাসবাদী দুটা৷ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হয় কেইবাটাও অত্যাধুনিক মাৰণাস্ত্ৰ৷

Leave A Reply

Your email address will not be published.