danewsplus.com
danewsplus.com

ক’ৰোনাই প্ৰাণ কাঢ়িলে শিল্পী বিজয়লক্ষ্মীৰ

0 55

গুৱাহাটী: ৰাজ্যৰ সংগীত জগতৰ বাবে অপূৰণীয় ক্ষতি৷ ক’ৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে বিশিষ্ট সংগীত শিল্পী তথা অধ্যাপিকা ড০ বিজয়লক্ষ্মী দাসে৷ হাজোৰ জীয়ৰী বিজয়লক্ষ্মী দাসৰ হঠাৎ স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটাত পৰিয়ালৰ লোকে শুকুৰবাৰে বিয়লি গুৱাহাটীৰ হায়াট হাস্পতাললৈ নিছিল যদিও আটবাটতে মৃত্যুক হয় সংগীত শিল্পীগৰাকীৰ৷ বিগত ৪ দিন ধৰি শিল্পীগৰাকী জ্বৰত ভূগি আছিল৷ তেখেতৰ মৃত্যুত সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰাৰ লগতে হাজোবাসী শোকস্তব্ধ হৈ পৰিছে৷ উল্লেখ্য যে ২০২০ বৰ্ষত ক’ৰোনা মহামাৰীক লৈ এটি গীত ৰচনা কৰি কণ্ঠও নিগৰাইছিল শিল্পীগৰাকীয়ে৷ অসমীয়া বোলছবি ‘সৰু বোৱাৰী’ আৰু ৰাজশ্ৰী থিয়াটাৰত কেইবাবছৰ ধৰি সংগীত পৰিচালনা কৰিছিল বিজয়লক্ষ্মী দাসে৷ তেখেতৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৮ বছৰ৷

Leave A Reply

Your email address will not be published.