danewsplus.com
danewsplus.com

শীতকালত আপোনাৰ ছালৰ যতন কেনেকৈ  ল’ব?

0 129

সুস্থ ছালৰ যত্নৰ বিষয়ে  কিছু জানিবলগীয়া  কথা…
ছালে আমাৰ দেহৰ উষ্ণতাৰ সমতা ৰক্ষা কৰি  আমাৰ শৰীৰটোক  ৰক্ষা কৰে৷ এখন নিৰোগী ছাল  সদায় সকলোৰে বাবে আকৰ্ষণীয়  আৰু সৌন্দৰ্য্যৰ প্ৰতীক৷ বিভিন্ন   স্বাস্থ্যকৰ খাদ্য আৰু যত্নৰ দ্বাৰা মানুহ এখন সুস্থ ছালৰ গৰাকী হৈ থাকিব পাৰে৷
শীতৰ সময়চোৱাত ছালৰ  বিভিন্ন সমস্যাই আমাক ব্যতিব্যস্ত কৰি তোলে আৰু সেয়ে এই  সময়চোৱাত আমাৰ শুকান ছালখন নিমজ আৰু আকৰ্ষণীয় কৰি ৰাখিবলৈ আমি যত্নপৰ হ’ব লাগে৷ ছালৰ সকলো ধৰণৰ সমস্যা বনৌষধিৰ দ্বাৰা কেনেকৈ  সমাধান কৰিব পাৰি!
১/শীত কালত ছাল নিমজ কৰি ৰাখিবলৈ  আমলখি,শিলিখা ,টেঙা জাতীয় ফলমূল আদি খাদ্যপ্ৰাণ ‘গ’ যুক্ত খাদ্য বেছিকৈ খাব লাগে আনহাতে গোলনেমুৰ ৰস ছালত সানিব লাগে৷
২/ছালখন সুন্দৰ আৰু চিকচিকিয়া কৰি ৰাখিবৰ বাবে দৈ একচামুচ,গাখীৰ এক চামুচ,আধাচামুচ বগা চন্দনৰ গুড়া আৰু ১/৪ চামুচ হালধিৰ ৰস মিহলি কৰি দিনে দুবাৰকৈ গালত সানিব লাগে৷
৩/ছালখন  খহতা নহ’বৰ বাবে এজন ব্যক্তিয়ে  দৈনিক ১০ৰ পৰা ১২গিলাছ পানী  খোৱাৰ লগতে  ফলৰ ৰস খোৱা প্ৰয়োজন৷ তাৰোপৰিও কেঁচা হালধিৰ ৰস গা ধোৱাৰ আধা ঘণ্টা আগতে সানি  তাত মৌ  ঘঁহিব লাগে৷৪/প্ৰখৰ ৰ’দত ছাল ক’লা পৰিলে ছালকুঁৱৰীৰ বিজলভাগ উলিয়াই  দিনে এবাৰকৈ ছালত লগালে উপশম পোৱা যায়৷৫/ভৰিৰ  গেৰোৱা ফাটিলে  বৰ বা আহত গছৰ আঠা ফটা অংশত লগালে ফটা গেৰোৱা ভাল হয়৷
৬/পকা অমিতা ফেটি মুখত প্ৰায় দুই মিনিট সময় লগালে মূখৰ  ক’লা দাগ  নোহোৱা হয় আৰু ছাল মসৃন হয়৷
৭/ ওঁঠ ফাটিলে গাখীৰৰ ৰস লগালে  ওঁঠ ফটা ভাল হয়৷ মৌজোলেও এই ক্ষেত্ৰত ভাল ফল দিয়ে৷
৮/বয়সস্থ লোকৰ ছাল শোতোৰা পৰা বা বলিৰেখা আতৰাবলৈ  ভাল আলূ দুটাৰ বাকলি গুচাই মিহিকৈ পিহি  তাত ৫ চামুচ  গোলনেমু,কাজিনেমু বা কমলা টেঙাৰ ৰস  মিহলি কৰি  দিনে দুবাৰকৈ লগালে সুফল পোৱা যায়৷
৯/পকা কল ভালকৈ ফেটি চালত লগালে  চাল নিমজ হয়৷
১০/পকা বিলাহী ছালত সানিলে আৰু নিয়মিত ভাৱে খালে  ছাল নিমজ হয়৷

Leave A Reply

Your email address will not be published.