danewsplus.com
danewsplus.com

মাতৃহাৰা হ’ল প্ৰধানমন্ত্ৰী মোদী, ১০০ বছৰ বয়সত নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীৰ শেষ নিশ্বাস ত‍্যাগ…

0 117

ডিজিটেল ডেস্কঃ

মাতৃহাৰা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আমেদাবাদৰ ইউ এন মেহতা হাস্পতালত শুকুৰবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে হীৰাবেন মোদীয়ে। ১০০ বছৰ বয়সত মৃত্যু হীৰাবেন মোদীৰ। দুদিন ধৰি হাস্পতালত চিকিৎসাধীন হৈ থকাৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰে হীৰাবেন মোদীয়ে।

বুধবাৰে হীৰাবেন মোদীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন আছিল হীৰাবেন মোদী।
প্ৰধানমন্ত্ৰী মোদীৰ মাতৃৰ মৃত্যুত অজস্ৰজনৰ শোকপ্ৰকাশ। ইতিমধ্যেই আহমেদাবাদলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

Leave A Reply

Your email address will not be published.