danewsplus.com
danewsplus.com

গুজৰাট বিধানসভা নিৰ্বাচনত নিৰ্বাচনী হিংসা

0 87

ডিজিটেল ডেস্কঃ গুজৰাট বিধানসভা কাৰ দখললৈ যাব,সেই সন্দৰ্ভত চৰ্চা অব্যাহত থকাৰ সময়তেই গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে সংঘটিত হৈছে নিৰ্বাচনী হিংসাৰ ঘটনা৷ গুজৰাটৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত দান্তা সমষ্টিৰ কংগ্ৰেছ বিধায়ক কান্তি খাৰাদিক আক্ৰমণ দুৰ্বৃত্তৰ৷ দেওবাৰে নিশা গাড়ীৰে গৈ থকাৰ সময়তে এটা দুৰ্বৃত্তৰ দলে বিধায়কগৰাকীৰ গাড়ীত আক্ৰমণ চলায়৷
এই আক্ৰমণৰ ঘটনাত বিধায়ক কান্তি খাৰাদি আহত হোৱাৰ লগতে আহত হয় আৰু ৭-৮ গৰাকী ব্যক্তি৷ দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ঘটনাস্থলীৰ সমীপৰ হাবিত আত্মগোপন কৰি কথমপি ৰক্ষা পৰে বিধায়কগৰাকী৷ ঘটনা সংঘটিত হোৱাৰ প্ৰায় ৪ ঘণ্টাৰ পিছত আৰক্ষীয়ে উদ্ধাৰ কৰে বিধায়ক কান্তি খাৰাদিক ৷দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ পূৰ্বে কংগ্ৰেছ বিধায়কগৰাকীৰ ওপৰত কৰা এই আক্ৰমণৰ ঘটনাই ৰাজ্যখনত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷
প্ৰশ্ন হয়- কোন দিশে গণতন্ত্ৰ? কোন দিশে মূল্যবোধৰ ৰাজনীতি?

Leave A Reply

Your email address will not be published.