danewsplus.com
danewsplus.com

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস…

0 91

ডিজিটেল ডেস্ক: আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।প্ৰত্যেক বছৰে ১৬ নৱেম্বৰৰ দিনটোক সমগ্ৰ দেশে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰে।
১৯৬৬ চনৰ ৪ জুলাইত গঠন হোৱা Press Council Of India ‘প্ৰেছ কাউন্সিল অব ইণ্ডিয়া’ই উচ্চতম ন্যায়ালয়ৰ তদানীন্তন ন্যায়াধীশ জে এল মুধলকাৰৰ অধ্যক্ষতাত আনুষ্ঠানিকভাৱে কাউন্সিলৰ কাম-কাজ আৰম্ভ কৰে আৰু তেতিয়াৰে পৰা উক্ত দিনটো সমগ্ৰ দেশতে প্ৰেছ দিৱস হিচাপে পালন কৰি অহা হৈছে।

গণতন্ত্ৰৰ চাৰিটা স্তম্ভ- বিধান মণ্ডল, কাৰ্যপালিকা, ন্যায়পালিকা আৰু সংবাদ মাধ্যম। এই চাৰি স্তম্ভৰ সন্মিলিত কাৰ্যাৱলীয়েই হৈছে গণতান্ত্ৰিক প্ৰক্ৰিয়া। আটাই কেইটা স্তম্ভৰ সু-পৰিচালনাতেই গণতন্ত্ৰৰ ভেটি মজবুত হৈ থাকে। সংবাদ মাধ্যম হ’ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ।একাংশ সংবাদ মাধ্যম আৰু সাংবাদিকৰ দুষ্ট মনোভাৱৰ বাবে চতুৰ্থ স্তম্ভৰ প্ৰতি প্ৰশ্ন উঠিছে যি একেবাৰেই শুভ লক্ষণ নহয়।

আজিৰ এই পৱিত্ৰ দিনটোত সংবাদ সেৱাৰ জৰিয়তে দেশ-জাতিৰ বাবে কাম কৰিবলৈ গৈ অকালতে জীৱন হেৰুৱাবলগা হোৱাসকললৈ শ্ৰদ্ধা নিবেদিছোঁ। যিসকল মহান সংবাদ সেৱীৰ বাবে আজি দেশ তথা ৰাজ্যৰ সংবাদ মাধ্যমে আজিৰ অৱস্থাত উপনীত হ’ব পৰিছে, তেওঁলোকক কৃতজ্ঞতাৰে স্মৰণ কৰিছোঁ। ভাৰতীয় সংবাদ মাধ্যম অন্য দেশৰ বাবে আদৰ্শ হওক তাৰে কামনা Da News Plusৰ পৰিয়ালৰফালৰ পৰা।

কামৰূপ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে আজি এই বিশেষ দিনটোত সংবাদমেল সম্বোধন কৰি সাংবাদিকসকলক প্ৰেছ দিৱসৰ শুভেচ্ছা জনায়। তলৰ লিংকটো ক্লিক কৰিলেই চাব পাৰিব সংবাদমেলখন-

https://www.facebook.com/danewsplus/videos/539504724659352

Leave A Reply

Your email address will not be published.