danewsplus.com
danewsplus.com

ভিকি কৌশলৰ গুপ্তচৰ হ’ব ছুপাৰষ্টাৰ চলমান খান!

0 145

ডিজিটেল ডেস্কঃ প্ৰায়ে চৰ্চাত থাকে ছুপাৰষ্টাৰ চলমান খান আৰু বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কেটৰিনা কেইফৰ এসময়ৰ প্ৰেম কাহিনী। চলমান আৰু কেটৰিনাৰ বিচ্ছেদে দুয়োগৰাকী তাৰকাৰ অনুৰাগীক যথেষ্ট মনোকষ্ট দিছিল। ২০১০ চনতে ফাঁট মেলিচিল চলমান আৰু কেটৰিনাৰ প্ৰেমৰ সম্পৰ্কই কিন্তু চলমানৰ মনত যেন কেটৰিনাৰ ঠাই কোনেও ল’ব পৰা নাই। সেয়েহে বাৰে বাৰে চলমানৰ কথা-বতৰাত প্ৰকাশ পায় কেটৰিনাৰ প্ৰতি থক দূৰ্বলতা। জনপ্ৰিয় ৰিয়েলিটি শ্ব’ বিগ বছত আহিব লগীয়া ছবি ‘ফোনভূত’ৰ প্ৰ’মচনৰ কাৰণে আহিছিল কেটৰিনা।ছবিখনত ভূতৰ চৰিত্ৰ দেখা পাব অভিনেত্ৰী গৰাকীক।

বিগ বছৰ ঘোষক চলমান খানক কেটৰিনাই সুধিছিল ‘আপুনি যদি ভূত হয় তেতিয়া কাৰ গুপ্তচৰ হব আৰু চলমানে কৈছিল অভিনেতা ভিকি কৌষল অৰ্থাৎ কেটৰিনাৰ স্বামীৰ। এই উত্তৰ শুনি কেটৰিনাৰ লগতে দৰ্শক সকলো আচৰিত হৈছে।এই ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰিছে যে চলমান খানৰ মনত এতিয়া কেটৰিনাৰ প্ৰতি ভালপোৱা আছে!এতিয়া সামাজিক মাধ্যমত চলমান খান আৰু কেটৰিনাৰ এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

Leave A Reply

Your email address will not be published.