danewsplus.com
danewsplus.com

ড০ দয়ানন্দ পাঠকক পঞ্জাৱ বিশ্ববিদ্যালয়ৰ ভিজিটিং প্ৰফেছৰ মনোনীত

0 283

ডিজিটেল সংবাদ, গুৱাহাটীঃ দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয় চণ্ডীগড়স্থিত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ শংকৰদেৱ আসনৰ অধীনত শংকৰদেৱ অধ্যয়নৰ বিশিষ্ট পণ্ডিত, শিক্ষাবিদ ড০ দয়ানন্দ পাঠকক বিশ্ববিদ্যালয়খনলৈ শংকৰদেৱ বিষয়ৰ মাৰ্গদৰ্শন আগবঢ়াবলৈ বিশ্ববিদ্যালয়খনৰ ভিজিটিং প্ৰফেছৰ হিচাপে মনোনীত কৰিছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ অনুমোদন ক্ৰমে তেওঁক এই সন্মান যচা হৈছে। প্ৰথম পদক্ষেপ হিচাপে অহা ছেপ্টেম্বৰ মাহত তেখেতে বিশ্ববিদ্যালয়খনত শংকৰদেৱ বিষয়ক এলানি বিশেষ বক্তৃতা প্ৰদান কৰিব।

ইয়াৰ উপৰিও বিশ্ববিদ্যালয়খনে তেখেতক গৱেষণা বিষয়ক কামতো কো-গাইড হিচাপে দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে, ড০ পাঠক পৰেশ বৈশ্য ফাউণ্ডেচনৰ ‘শংকৰদেৱ অধ্যয়ন বঁটা’ৰ বাবেও নিৰ্বাচিত হৈছে। তেখেতে গুৰু দুজনাৰ নাটকসমূহ, শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন চৰ্যা আৰু আতাপুৰুষ সকলৰ জীৱনী আদি ইতিমধ্যে ইংৰাজী ভাষালৈ অনুবাদ কৰি গুৰু দুজনাৰ অমৰ সৃষ্টিৰাজিক বিশ্বৰ দৰবাৰলৈ নিয়াত বৰঙণি যোগাইছে।

Leave A Reply

Your email address will not be published.