danewsplus.com
danewsplus.com

সাৱধান! দেশত পুনৰ বৃদ্ধি ক’ভিড মহামাৰীৰ সংক্ৰমণ। চৰকাৰে ল’ব পাৰে বিশেষ সিদ্ধান্ত!

0 345

ডিজিটেল ডেস্ক : আকৌ ঘূৰি আহিব নেকি ল’কডাউনৰ সেই দিনবোৰ? চিন্তিত হৈ পৰিছে সচেতন মহল, তৎপৰ হৈ পৰিছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ। কাৰণ দেশত পুনৰ ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক’ভিড মহামাৰীৰ সংক্ৰমণ৷ আৰু ক’ভিড সংক্ৰমণ বৃদ্ধিৰ শেহতীয়া তথ্যই উদ্বিগ্ন কৰি তুলিছে দেশবাসীক৷

কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যণালয়ৰ তথ্য অনুসৰি মঙলবাৰে ভাৰতত ৩,০৩৮জনৰ দেহলৈ নতুনকৈ ক’ৰ’না ভাইৰাছ সংক্রমণ হোৱাৰ বিপৰীতে সক্ৰিয় ৰোগীৰ সংখ্যা ২১,১৭৯লৈ বৃদ্ধি পাইছে৷

বিগত ২৪ ঘন্টাত ৯ জন লোকৰ মৃত্যুকে ধৰি মুঠ মৃত্যুৰ সংখ্যা ৫,৩০,৯০১জনলৈ বৃদ্ধি পাইছে৷ দিল্লী আৰু পঞ্জাৱত দুজনকৈ মৃত্যু হোৱাৰ বিপৰীতে ২৪ ঘণ্টাৰ ভিতৰত জম্মু-কাশ্মীৰ, মহাৰাষ্ট্ৰ আৰু উত্তৰাখণ্ডে এজনকৈ আৰু কেৰালাত দুজনৰ মৃত্যু ঘটিছে৷

কিন্তু, মানুহে সময়মতে টিকাকৰণৰ মাত্ৰা লোৱাৰ পিছতো কিয় এই ৰোগ বৃদ্ধি পাইছে? ফৰিদাবাদৰ ফৰ্টিছ হাস্পতালৰ পৰিচালক তথা পালমোন’লজীৰ মুৰব্বী ডাঃ ৰবি শেখৰ ঝাই বুজাই দিয়ে যে, টিকাকৰণে সংক্ৰমণ প্ৰতিৰোধ নকৰে। টিকাকৰণে কেৱল সংস্পৰ্শলৈ অহা ব্যক্তিৰ ক্ষেত্ৰত হ’ব পৰা জটিলতাৰ আশংকাহে কমায়। টিকাকৰণৰ পিছতো Covid-19 ৰোগত আক্ৰান্ত হৈ আনলৈ বিয়পোৱাটো সম্ভৱ, গতিকে নিজকে সুস্থ কৰি ৰখাৰ বাবে সকলো কাম কৰি যাওক।’

মহাৰাষ্ট্ৰৰ সতৰা জিলা প্ৰশাসনে চৰকাৰী আৰু অৰ্ধচৰকাৰী কাৰ্যালয়, কলেজ, বেংকত কাম কৰা কৰ্মচাৰী আৰু বিষয়াসকলৰ বাবে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে।

দেশত সক্ৰিয় Covid আক্ৰান্তৰ সংখ্যা ২১,১৭৯ লৈ বৃদ্ধি কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ৰ তথ্য অনুসৰি মঙলবাৰে ভাৰতত ৩,০৩৮জন নতুনকৈ ক’ৰ’না ভাইৰাছ সংক্রমণ হোৱাৰ বিপৰীতে সক্ৰিয় ৰোগীৰ সংখ্যা ২১,১৭৯লৈ বৃদ্ধি পাইছে৷

ক’ভিড সংক্ৰমণ বৃদ্ধি হোৱা তথ্যই দেশবাসীক উদ্বিগ্ন কৰাটো স্বাভাৱিক, কিন্তু প্ৰত্যেকে এতিয়া সজাগ-সচেতন হোৱাটোহে অধিক জৰুৰী।

Leave A Reply

Your email address will not be published.