danewsplus.com
danewsplus.com

‘পাঠান’ বিতৰ্ক শেষ কৰি হিমন্ত বিশ্ব শৰ্মাৰ ৪ টা বিশেষ কথা

0 60,022

ডিজিটেল ডেস্কঃ ‘পাঠান’ক লৈ বাৰে বাৰে বিভিন্ন বিষয় উত্থাপন হৈছে। কোন সময়ত কি বিষয়, কেনেকৈ উত্থাপন হৈছে সেই কথা সকলোৱে দেখিছে। ইয়াৰ মাজতে চৰ্চা লাভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৪ টা বিশেষ কথা। সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি ৪ টা বিশেষ কথা কৈছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ‘পাঠান’ বিতৰ্কৰ অন্ত পেলাবলৈ হিমন্ত বিশ্ব শৰ্মাই কোৱা সেই ৪ টা বিশেষ কথা এনেধৰণৰ-

‘শ্বাহৰুখ খানে সন্ধিয়া ৭.৪০ বজাত মেচেজ কৰিছিল’
‘মই যেতিয়া সময় পাইছোঁ, তেতিয়া কথা পাতিছোঁ’
‘পাঠানৰ পোষ্টাৰ ফলাটো ইমান ডাঙৰ কথা নহয়’
‘শ্বাহৰুখ খানক চিনি নোপোৱাটো ডাঙৰ কথা নহয়’

অৱশ্যে ইয়াৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে আন এখন ছবিৰ প্ৰসংগ কবলৈ নাপাহৰিলে। সেই বিশেষ অসমীয়া ছবিখন হৈছে ‘ড০ বেজবৰুৱা- ২’। মুখ্যমন্ত্ৰীগৰাকীয়ে সুবিধা পালে ড০ বেজবৰুৱা-২ চাবলৈ যাব বুলি সদৰি কৰে।

Leave A Reply

Your email address will not be published.