danewsplus.com
danewsplus.com

চৰকাৰী চাকৰিটো সপোন আছিল, চাকৰি পাইয়ো কিয় আত্মহত্যা কৰিলে কনিষ্টবল ৰমেনে?

0 27,212

ডিজিটেল ডেস্ক: গুৱাহাটীত এজন কনিষ্টবলৰ আত্মহননৰ ঘটনাই আৰক্ষীৰ মাজত সৃষ্টি কৰিছে চাঞ্চল্যৰ৷ বশিষ্ঠৰ গেম ভিলেজত আত্মহননৰ পথ বাচি লয় কনিষ্টবলজনে৷ আত্মীয়ৰ মতে এয়া হত্যাকাণ্ড৷

ইটোৰ পিছত সিটো জঘন্য ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰী । এইবাৰ এজন কনিষ্টবলৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই জোকাৰিছে মহানগৰ আৰক্ষীক৷ মহানগৰীৰ লালমাটিস্থিত গেম ভিলেজলৈ প্ৰশিক্ষণৰ বাবে আহিছিল বিজনীৰ যুৱক ৰমেন সূত্ৰধৰ । প্ৰশিক্ষণৰত কনিষ্টবলজনে কি কাৰণত আত্মহত্যা কৰিলে এতিয়াও ৰহস্যৰ আৱৰ্তত ।

প্ৰাপ্ত খবৰ অনুসৰি, কনিষ্টবল ৰমেন সূত্ৰধৰৰ ঘৰ চিৰাঙৰ ডাঙাইগাঁৱৰ সূত্ৰধৰ পাৰাত । এই সমগ্ৰ ঘটনা কোনো কাৰণতে মানি ল’ব পৰা নাই পৰিয়ালে৷ পৰিয়ালৰ লোকৰ মতে এই ঘটনা পৰিকল্পিত হত্যাকাণ্ড। এই ক্ষেত্ৰত আৰক্ষীয়ে উচিত তদন্ত কৰি হত্যাকাৰীক শাস্তি বিহিবলৈ দাবী জনায় পৰিয়ালটোৱে।

উল্লেখ্য যে ৰমেন সূত্ৰধৰৰ পিতৃ মৃগেন সূত্ৰধৰ পেচাত এজন কাঠমিস্ত্ৰী । মৃগেন সূত্ৰধৰৰ একমাত্ৰ পুত্ৰ আছিল ৰমেন সূত্ৰধৰ । এই খবৰ লাভ কৰাৰ পিছতে ৰমেন সূত্ৰধৰৰ বাসগৃহত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । কি কাৰণ কনিষ্টবল ৰমেন সূত্ৰধৰে বাচি ল’লে এই চৰম পন্থা? নে এই ঘটনাৰ আঁৰত আছে আন কিবা ৰহস্য?

Leave A Reply

Your email address will not be published.