danewsplus.com
danewsplus.com

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিলে ওদালগুৰিৰ তিলকে

0 242

ডিজিটেল সংবাদ, ওদালগুৰিঃ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল ওদালগুৰিৰ এজন যুৱক। যুৱকজন হৈছে ওদালগুৰিৰ পানেৰী চাহ বাগিচাৰ তিলক ৰোশ্বন বাৰা (২৬)। নিজৰ কামৰ জৰিয়তে ইতিমধ্যে বিভিন্ন প্ৰান্তত এটা চিনাকী লাভ কৰিছে যুৱকজনে।

উল্লেখ্য যে, বাগিচা অঞ্চলত সঘনাই হৈ থকা মানৱ সৰবৰাহ, শিশু শ্ৰমিক, শিশু সৰবৰাহৰ লগতে নাৰী নিৰ্যাতন, মানৱ অধিকাৰৰ হকে মাত মাতি যুৱ সমাজ সেৱক হিচাপে নিজৰ নাম India Book of Records ত অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছে তিলকে। ইফালে এনে সফলতাৰ বাবে বিভিন্ন মহলত প্ৰশংসা লাভ কৰিছে যুৱকজনে।

Leave A Reply

Your email address will not be published.