danewsplus.com
danewsplus.com

ৰাণীত নৱম সংখ্যক ৰাষ্ট্ৰীয় থাইবক্সিং ফেডাৰেশ্বন কাপৰ লাইখুঁটা স্থাপন

0 289

ডিজিটেল সংবাদ, আজাৰাঃ গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা বৃহত্তৰ ৰাণীত অনুষ্ঠিত হ’ব নৱম সংখ্যক ৰাষ্ট্ৰীয় থাইবক্সিং ফেডাৰেশ্বন কাপ। ৰাণী হাই স্কুল খেলপথাৰত অহা ২৭, ২৮ আৰু ২৯ জানুৱাৰীত তিনিদিনীয়াকৈ হ’ব এই সৰ্বভাৰতীয় প্ৰতিযোগিতাখনি।

দেশৰ প্ৰায় ২১ খন ৰাজ্যৰ থাইবক্সিং খেলুৱৈৰ লগতে প্ৰশিক্ষক, থাইবক্সিং ফেডাৰেশ্বনৰ শীৰ্ষ বিষয়ববীয়াসহ ৬০০ লোক উপস্থিত থাকিব এই প্ৰতিযোগিতাখনিত। বুধবাৰে তাৰেই মাংগলিক কাৰ্যৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পৰিচালনা সমিতি আৰু ৰাইজৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই ফেডাৰেশ্বন কাপত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গেও অনুষ্ঠান পৰিৱেশন কৰিব বুলি সমিতিয়ে জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.