danewsplus.com
danewsplus.com

সতীদাহ প্ৰথা বিলুপ্তিৰ ১৯৩ বছৰ! সতীদাহ প্ৰথাৰ বিষয়ে আপুনি জানেনে?

0 609

ডিজিটেল ডেস্কঃ স্বামীৰ মৃত্যুৰ পাছত তেওঁৰ বিধবা পত্নীক বহু পৰিমানে ভাং আৰু ধতুৰা খুৱাই নিচাত উন্মত্ত কৰি লোৱা হয়। যেতিয়া সকলো শ্মশানলৈ যায়, কেতিয়াবা তেওঁ হাঁহে, কেতিয়াবা কান্দে আৰু কেতিয়াবা মাটিত বাগৰি শুই দিয়ে, তথাপিও পুৰুষ প্ৰধান সমাজখনে জোৰ-জুলুম কৰি তেওঁক লগত লৈ যায় দাহ কৰিবলৈ। সেয়াই আছিল সতীদাহ প্ৰথা৷ তাৰপিছত তেওঁক মৃত স্বামীৰ সৈতে চিতাত তুলি দিয়া হয় আৰু এডাল কেঁচা বাঁহেৰে বান্ধি দিয়া হয়। যাতে মহিলাগৰাকীয়ে জ্বলি যোৱাৰ যান্ত্ৰনা সহিব নোৱাৰিলেও চিতাৰ পৰা উঠি আহিব নোৱাৰে। চিতাত অত্যাধিক পৰিমাণে ঘিউ আৰু চন্দন, ধূপ-ধূনা দিয়া হয় যাতে কোনেও নেদেখাকৈ ধুৱঁলি-কুৱলি হৈ পৰে। কিয়নো সেই দৃশ্যটো দেখিবলৈ অত্যন্ত ভয়ানক হয়।
অগ্নি দিয়াৰ পাছৰে পৰা সমস্ত ঢোল, খোল, কৰতাল, শংখ বজাই দিয়া হয় যাতে কোনেও বিধৱা গৰাকীৰ যন্ত্ৰনাকাতৰ চিঞৰ, কন্দা-কটা, অনুনয়-বিনুনয় শুনিবলৈ নাপায়। এয়াই আছিল একালৰ ‘সহমৰণ’ বা সতীদাহ প্ৰথা।
১৮২৯ চনৰ আজিৰ দিনটোতেই লৰ্ড বেন্টিংকৰ উদ্যোগত ভাৰতবৰ্ষত সতীদাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল। এই সতীদাহ প্ৰথা নিষিদ্ধকৰণৰ ক্ষেত্ৰত অন্যতম ধ্বজাবাহক আছিল ৰাজা ৰামমোহন ৰায়।

Leave A Reply

Your email address will not be published.