danewsplus.com
danewsplus.com

এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিং! জ্যেষ্ঠ আবাসীৰ নিৰ্যাতনত আঘাতপ্ৰাপ্ত কনিষ্ঠ ছাত্ৰ

0 85

ডিজিটেল ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড মাৰ নাযাওতেই এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ভয়ংকৰ ৰেগিঙৰ ঘটনা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড উন্মোচিত হোৱাৰ পিছত ইতিমধ্যেই জগন্নাথ বৰুৱা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়কে ধৰি পোহৰলৈ আহিছে ন ন শিক্ষানুষ্ঠানৰ ৰেগিঙৰ ক’লা অধ্যায়।
এইবাৰ জ্যেষ্ঠ ছাত্ৰৰ অত্যাচাৰত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন গুৱাহাটী বিশ্ববিদ্যালয়ৰ কনিষ্ঠ ছাত্ৰ।

অভিযোগ অনুসৰি ৰেগিঙৰ নামত অকথ্য নিৰ্যাতনৰ বলি হয় হোষ্টেলৰ কনিষ্ঠ আৱাসী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ RCC-3 হোষ্টেলৰ হজৰত আলী নামৰ এগৰাকী কনিষ্ঠ আৱাসীৰ ওপৰত উপৰ্যুপৰি চলিছিল নিৰ্যাতন। জ্যেষ্ঠ আৱাসীৰ নিৰ্যাতনত আঘাতপ্ৰাপ্ত হজৰত আলী বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।
উল্লেখ্য যে, বিগত ২৭ মাৰ্চতেই সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা !

ৰহস্যজনকভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ে গাপ দি ৰাখিছিল সমগ্ৰ ঘটনা । ৰেগিং কাণ্ডৰ সৈতে জড়িত জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰশ্ন হয়, ২৭ মাৰ্চতেই সংঘটিত ৰেগিং কাণ্ডক কিয় কিহৰ বাবে গাপ দি ৰাখিছিল গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ?দোষীক প্ৰশ্ৰয় নে আন কিবা ?

Leave A Reply

Your email address will not be published.