danewsplus.com
danewsplus.com

উচ্চ শক্তিসম্পন্ন বিদ্যুৎ টাৱাৰত বিমানৰ খুন্দা, ওলমি ৰ’ল বিমান

0 315

ডিজিটেল ডেস্কঃ উচ্চ শক্তিসম্পন্ন বিদ্যুৎ টাৱাৰত বিমানৰ খুন্দা৷ টাৱাৰটোত খুন্দা মাৰি ওলমি ৰ’ল বিমান৷ গোটেই অঞ্চলটোত কৰ্তন কৰিবলগীয়া হ’ল বিদ্যুৎ সেৱা৷ আমেৰিকা যুক্তৰাষ্ট্ৰ মেৰিলেণ্ড প্ৰদেশৰ ঘটনা এয়া৷ সন্ধিয়া এটা গ্ৰামাঞ্চলৰ এই বিদ্যুৎ টাৱাৰটোত খুন্দা মাৰিলে এই মুনী M-20-J বিমানখনে৷

এই দুৰ্ঘটনাৰ সময়ত ৪খন আসনযুক্ত বিমানখনত আছিল চালকসহ এজন যাত্ৰী৷ সৌভাগ্যবশত প্ৰাণ ৰক্ষা পৰে দুয়োজনৰে৷ অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰত জেনেৰেল এভিয়েশ্যন বা লাইটস্প’ৰ্ট শ্ৰেণীৰ বিমানৰ প্ৰায়ে এনে দুৰ্ঘটনা ঘটি থাকে৷ এনে দুৰ্ঘটনাত বহু সময়ত চালক আৰু যাত্ৰীৰো মৃত্যু ঘটে৷ সাধাৰণতে চালকৰ কম অভিজ্ঞতাৰ বাবেই এনে দুৰ্ঘটনা ঘটে৷

Leave A Reply

Your email address will not be published.