danewsplus.com
danewsplus.com

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ ছিৰিজ দখল ভাৰতৰ

0 91

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ পিছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও টি-২০ ছিৰিজ দখল কৰিলে ভাৰতে৷ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া মেচৰ ছিৰিজৰ দ্বিতীয় মেচত ১৬ ৰানত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিলে টীম ইণ্ডিয়াই৷ উত্তেজনাপূৰ্ণ মেচখনত প্ৰথমে বেটিং ভাৰতে সূৰ্য কুমাৰ যাদৱৰ ৬১, কে এল ৰাহুলৰ ৫৭, কোহলিৰ অপৰাজিত ৪৯ আৰু অধিনায়ক ৰোহিত শৰ্মাৰ ৪৩ ৰানৰ সহায়ত ৩ উইকেটত সংগ্ৰহ কৰে ২৩৭৷

অৰ্শ্বদীপ সিঙে দুটা আৰু অক্ষৰ পেটেলে লাভ কৰে এটা উইকেট৷ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই ডেভিদ মিলাৰৰ অপৰাজিত ১০৬, কুইণ্টন ডি ক’কৰ অপৰাজিত ৬৯ আৰু আইডেন মাৰ্কৰামৰ ৩৩ ৰানৰ সহায়ত নিৰ্ধাৰিত অভাৰত ২২১ ৰান কৰোঁতেই সামৰণি পৰে খেলখন৷ ভাৰতে জয়লাভ কৰে ১৬ ৰানত৷ কে এল ৰাহুলে লাভ কৰে প্লেয়াৰ অব দ্য মেচৰ সন্মান৷ ইন্দোৰত কাইলৈ অনুষ্ঠিত হ’ব শৃংখলাৰ অন্তিমখন মেচ৷

Leave A Reply

Your email address will not be published.