danewsplus.com
danewsplus.com

ভাৰতীয় নৌবাহিনীত আজি সংযোজন ঘটিব দ্বিতীয়খন এয়াৰ ক্ৰাফট কেৰিয়াৰৰ

0 126

ডিজিটেল ডেস্কঃ ভাৰতীয় নৌবাহিনীত আজি সংযোজন ঘটিব দ্বিতীয়খন এয়াৰ ক্ৰাফট কেৰিয়াৰৰ৷ থলুৱাভাৱে নিৰ্মিত বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্তক আজি আনুষ্ঠানিকভাৱে বিমানবাহিনীলৈ হস্তান্তৰ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে৷ কোচিন বন্দৰত এক বিশেষ অনুষ্ঠানত নৌবাহিনীক অন্তৰ্ভুক্ত কৰা হ’ব এই জাহাজখন৷ ভাৰতীয় নৌবাহিনীত আৰম্ভ হ’ব এক নতুন যুগৰ৷ এই জাহাজখন ২০ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিয়াইছে কোচিন শ্বিপ ইয়াৰ্ড লিমিটেডে৷ ২০০৯ চনত নিৰ্মাণ আৰম্ভ হোৱা এই জাহাজাখন যোৱা ২৮ জুলাইত নৌবাহিনীক গতাই দিয়া হৈছে৷ আই এন এছ বিক্ৰান্ত হৈছে থলুৱাভাৱে নিৰ্মিত দেশৰ প্ৰথমখন এয়াৰ ক্ৰাফট কেৰিয়াৰ৷ ২৬২ মিটাৰ দীঘল, ৬২ মিটাৰ বহল এই জাহাজখনৰ উচ্চতা হৈছে ৫৯ মিটাৰ৷ জাহাজখনৰ সৰ্বোচ্চ গতিবেগ হৈছে ঘণ্টাত ৫৬ কিলোমিটাৰ৷ এই জাহাজখনত ২৬খন মিগ 29K আৰু ১০খন হেলিকপ্টাৰ ৰাখিব পৰা যাব৷

জাহাজখনত থাকিব ১৭০০ সেনা, নাবিক আৰু অন্যান্য বিষয়া-কৰ্মচাৰী৷ এই জাহাজখনত অত্যাধুনিক চিকিৎসালয়ৰ লগতে নাৰী বিষয়াসকলৰ বাবে আছে সুকীয়া কোঠা৷ এই এয়াৰ ক্ৰাফট কেৰিয়াৰখন ষ্টবাৰ অৰ্থাৎ শ্বৰ্ট টেইক অফ এণ্ড বেৰিয়াৰ এৰেষ্টেড ৰিক’ভাৰী সুবিধাযুক্ত৷ এনে এয়াৰ ক্ৰাফট কেৰিয়াৰত গধুৰ মাৰণাস্ত্ৰ লৈ বিমানে উৰা মৰাত অসুবিধা আছে৷ ভাৰত মহাসাগৰত চীনৰ আগ্ৰাসনলৈ চাই দেশক বিশেষ প্ৰয়োজন কেট’বাৰ অৰ্থাৎ কেটেপাল্ট এছিছষ্টেড টেইক অফ এণ্ড বেৰিয়াৰ এৰেষ্টেড ৰিক’ভাৰীৰ সুবিধাযুক্ত এয়াৰ ক্ৰাফট কেৰিয়াৰহে প্ৰয়োজন৷ অৱশ্যে এনে এখন এয়াৰ ক্ৰাফট কেৰিয়াৰ থলুৱাভাৱে নিৰ্মাণৰ পৰিকল্পনা নৌবাহিনীৰ আছে৷

Leave A Reply

Your email address will not be published.