danewsplus.com
danewsplus.com

এদিনীয়া ছিৰিজত ৱেষ্ট ইণ্ডিজক হোৱাইট ৱাশ্ব টীম ইণ্ডিয়াৰ

0 145

ডিজিটেল ডেস্কঃ এদিনীয়া মেচৰ ছিৰিজত ৱেষ্ট ইণ্ডিজক হোৱাইট ৱাশ্ব কৰিলে টীম ইণ্ডিয়াই ৷ প’ৰ্ট অৱ স্পেইনৰ কুইন্স পাৰ্ক ঔভেলত অনুষ্ঠিত তিনিখনীয়া মেচৰ ছিৰিজটোৰ অন্তিমখন মেচত ৱেষ্ট ইণ্ডিজক ১১৯ ৰানত পৰাস্ত কৰিলে ভাৰতে ৷ প্ৰথমে বেটিং কৰি বতৰে বিধি-পথালি দিয়া মেচখনত ভাৰতীয় দলটোৱে শুভমন গীলৰ অপৰাজিত ৯৮, অধিনায়ক শিখৰ ধৱনৰ ৫৮ আৰু শ্ৰেয়স আয়াৰৰ ৪৪ ৰানৰ সহায়ত ৩৬ অভাৰত ৩ উইকেটত সংগ্ৰহ কৰে ২২৫ ৰান ৷ DLS পদ্ধতিত জয়ৰ বাবে বান্ধি দিয়া লক্ষ্য অনুসৰণ কৰি ৱেষ্ট ইণ্ডিজে ইনিংচ আৰম্ভ কৰিয়েই সংকটত পৰে৷ শূন্য ৰানত পতন ঘটে দুটা উইকেইটৰ ৷ ২৬ অভাৰত সকলো উইকেট হেৰুৱাই ৱেষ্ট ইণ্ডিজে সংগ্ৰহ কৰে ১৩৭ ৰান৷ ১১৯ ৰানত পৰাজয়বৰণ কৰে দলটোৱে৷ যুজবেন্দ্ৰ চহলে ৪টা, মহম্মদ ছিৰাজ আৰু ছাৰ্দুল ঠাকুৰে ২টাকৈ, অক্ষৰ পেটেল আৰু প্ৰসিদ্ধ কৃষ্ণই একোটাকৈ উইকেট লাভ কৰে ৷ শুভমন গিলে লাভ কৰে প্লেয়াৰ অৱ দ্য মেচ আৰু প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মান ৷ কাইলৈৰ পৰা আৰম্ভ হ’ব ভাৰত-ৱেষ্ট ইণ্ডিজৰ ৫খনীয়া মেচৰ টি-২০ ছিৰিজ ৷

Leave A Reply

Your email address will not be published.