danewsplus.com
এইবাৰ বিধায়কক উচ্ছেদ কৰিব চৰকাৰে!
ডিজিটেল ডেস্কঃ ডেডলাইন ২০ জুলাই। ২০ জুলাইৰ ভিতৰত খালী কৰিব বিধায়ক আৱাস। ভাড়াঘৰ বিচাৰি বিধায়কৰ অভিযান।
পুৰণি বিধায়ক আৱাস ভাঙি নতুনকৈ নিৰ্মাণ কৰিব লোৱা হৈছে দুটাকৈ বৃহৎ আট্টালিকা ৷ সেই উদ্দেশ্য বিধায়ক সকলক মে মাহতে বিধায়ক আৱাস খালি কৰিবলৈ দিয়া হৈছিল জাননী ৷ জাননীত বিধায়ক আৱাস খালি কৰিবলৈ ডেডলাইন দিয়া হৈছিল ২০ জুলাই ৷
ডেডলাইনৰ দিন চমু চাপি অহাৰ লগেলগে ভাড়াঘৰ বিচাৰি হাবাথুৰি খাইছে বিধায়কে ৷ বহু বিধায়কে এতিয়াও বিচাৰি পোৱা নাই ভাড়াঘৰ ৷ সেয়ে অধ্যক্ষ বিশ্বজিত দৈমাৰীলৈ আহ্বান বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷
“ ভাড়াঘৰ বিচাৰি আছোঁ ”
“ ঘৰ পালেই খালি কৰিম বিধায়ক আৱাস ”
নতুনকৈ আট্টালিকা নিৰ্মাণ কৰিবলৈ পুৰণি আৱাসত চলিছে উচঁছেদ অভিযান ৷ বিধায়ক আৱাসক ন-ৰূপ দিবলৈ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে প্ৰস্তুত কৰিছে ৰোড মেপ ৷ ইয়াৰ মাজতে বহু বিধায়কে প্ৰথম অৱস্থাত বিধায়ক আৱাস খালি নকৰা সিদ্ধান্ত লৈছিল যদিও এতিয়া খালি কৰা সিদ্ধান্ত লৈছে বিধায়ক সকলে ৷
অনাগত ৮ দিনৰ ভিতৰত কিমানজন বিধায়কে বিধায়ক আৱাস খালি কৰি ভাড়াঘৰত যায় সেয়া হব লক্ষণীয়৷