danewsplus.com
danewsplus.com

শোণিতপুৰৰ টৌভঙাত অভাৰলোডেড ইটাভৰ্তি ট্ৰাক জব্দ

0 129

ডিজিটেল ডেস্কঃ শোণিতপুৰৰ টৌভঙাত অভাৰলোডেড ইটাভৰ্তি ট্ৰাক জব্দ৷ খনামুখ ট্ৰাক মালিক সন্থাই এই ট্ৰাকখন জব্দ কৰি গতালে MVIক৷ সন্থাৰ বিষয়ববীয়াসকলে অভিযোগ কৰে যে শোণিতপুৰৰ খনামুখৰ পৰা লখিমপুৰলৈ ইটা কঢ়িয়াই নিয়া ট্ৰাক প্ৰায়ে দুষ্কৃতীকাৰীয়ে জব্দ কৰি গতাই দিয়ে কৰ্তৃপক্ষক৷

লখিমপুৰৰ ট্ৰাকসমূহে যদি একে পৰিমাণৰ ইটা খনামুখ, টৌভঙা আদিৰ ইটাভাতাৰ পৰা কঢ়িয়াই নিয়ে তেন্তে তেনে ট্ৰাক জব্দ কৰা নহয়৷ কেৱল মাত্ৰ খনামুখৰ পৰা যোৱা ট্ৰাকহে জব্দ কৰা বুলি অভিযোগ কৰিছে খনামুখৰ ট্ৰাক মালিক সন্থাই৷

Leave A Reply

Your email address will not be published.