danewsplus.com
danewsplus.com

তিনিচুকীয়াত আলফা (স্বাঃ)ৰে সেনা-আৰক্ষীৰ প্ৰচণ্ড গুলীয়াগুলি

0 170

ডিজিটেল ডেস্ক: তিনিচুকীয়াত আলফা (স্বাঃ)ৰে সেনা-আৰক্ষীৰ গুলীয়াগুলি। আলফা স্বাধীনৰ এজন নিহত, ৩জন কেডাৰ গুলীবিদ্ধ নিহত কেডাৰজনৰ নাম জ্ঞান অসম। সংঘৰ্ষত গুলীবিদ্ধ আলফা কেডাৰ ৰূপম অসম, উদয়, মৃগাংক অসম। ৰূপম অসমৰ নেতৃত্বতে আহিছিল দলটো। কাকপথাৰৰ দ পথাৰত উগ্ৰপন্থীৰ ৬জনীয়া দলৰে দীৰ্ঘসময় ধৰি গুলীয়াগুলি সেনা-আৰক্ষীৰ।

সংঘৰ্ষস্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুটা বেগ, বেগ দুটাত মাৰণাস্ত্ৰ, বিস্ফোৰক থকাৰ সন্দেহ আৰক্ষীৰ।
ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে দুটা খালী কাৰ্ট্ৰিজ।

ভোলা চাংমাই নামৰ এজনৰ ঘৰত আছিল দলটো। উগ্ৰপন্থীৰে হোৱা এই সংঘৰ্ষত এজন সেনা জোৱানো আহত হৈছে। ঘটনাস্থলীলৈ তৎকালে ৰাওনা তিনিচুকীয়াৰ SP দেৱজিৎ দেউৰীৰ।

Leave A Reply

Your email address will not be published.