danewsplus.com
danewsplus.com

মহাৰাষ্ট্ৰৰ বিসম্বাদৰ বাবে অসমৰ লাভেই লাভ, কি ক’লে পীয়ূষ হাজৰিকাই?

0 115

ডিজিটেল ডেস্কঃ

মহাৰাষ্ট্ৰৰ বিসম্বাদ, অসমৰ লাভেই লাভ!
মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে কি দিলে অসমক?
ৰাজহ, নাম, যশ আৰু ক’ত যে কি?
পূৰ্বে নোহোৱা বহু কিবা-কিবি পালে অসমে!
মন্ত্ৰী পীয়ূষে হিচাপ দিলে লাভালাভৰ

বিগত ৭ দিন ধৰি মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ভূমিকম্পৰ অভিকেন্দ্ৰ হিচাপে চিহ্নিত হৈছে গুৱাহাটী৷ গুৱাহাটীৰ ৰাজপথত মহাৰাষ্ট্ৰৰ ৰাজনৈতিক হৰ্ডিং৷ অৱশ্যে এই হৰ্ডিং ২৪ ঘণ্টাৰ পিছতে আঁতৰোৱা হয় যদিও দেশৰ ৰাজনৈতিক হটস্পটত পৰিণত হৈছে অসম৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ জৰিয়তে অসমৰ পৰা বিয়পিছে খবৰ৷

এফালে ৰাজ্যত বান বিভীষিকা, আনফালে গুৱাহাটীত বহিৰাজ্যৰ ৰাজনৈতিক যুদ্ধ৷ মুঠতে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত অধিকাংশই অসমৰ বাতৰি৷ ইয়াকে লৈ সৰৱ ৰাজ্যৰ বিৰোধী৷ আনকি মহাৰাষ্ট্ৰৰ ৰাজনীতিৰে অসমক কলুষিত নকৰি মহাৰাষ্ট্ৰৰ ৰাজনৈতিক গোটটোক অসম এৰাৰো ধমক বিৰোধীৰ৷ কিন্তু বিৰোধীৰ এই ধমকৰ বিপৰীতে মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে অসমক বহু কিবা-কিবি দি আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ৷

‘মহাৰাষ্ট্ৰৰ বিধায়কে ৰাজহ দিছে অসমক’

‘ৰাষ্ট্ৰীয় সংবাদমাধ্যমত ফাটি-ফুটি আছে অসমৰ নাম’

‘মহাৰাষ্ট্ৰৰ ৰাজনৈতিক বাতৰিৰ লগতে চলিছে বান বিভীষিকাৰ বাতৰি’

‘পূৰ্বে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত বানৰ বাতৰি চলা নাছিল’

‘এয়া অসমৰ বাবে আন এক লাভ’

এইদৰে মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে অসমক ভালেখিনি দিয়াৰ হিচাপ দিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ ইয়াৰ বিপৰীতে বিৰোধীয়ে সমালোচনা কৰা বিষয়টোক লৈয়ো তীৰ্যক মন্তব্য মন্ত্ৰীগৰাকীৰ৷

‘নিৰ্বাচনত জয়লাভেই বিজেপিৰ লক্ষ্য’
‘বিৰোধীৰ কথাৰ কোনো মূল্য নাই’
‘সেইবাবে তেওঁলোক নিৰ্বাচনত শূন্য হয়’

মুঠতে বিৰোধীৰ মুখত চূণ সানি অসমে লাভাৱান হোৱাৰ দাবী কৰিলে মন্ত্ৰীগৰাকীয়ে৷ কিন্তু মহাৰাষ্ট্ৰৰ ৰাজনৈতিক প্ৰেক্ষাপটত বিজেপি যে জড়িত নাই সেই কথা প্ৰকাৰন্তৰে বুজোৱাৰ চেষ্টা মন্ত্ৰী পীয়ূষ হাজৰিকাৰ৷

Leave A Reply

Your email address will not be published.