danewsplus.com
danewsplus.com

দিল্লীৰ শীৰ্ষ নেতাৰ ফোনৰ পৰা কি বাৰ্তা আহিছিল হিমন্ত বিশ্ব শৰ্মালৈ?

0 152

মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰ হ’ল গুৱাহাটী
ঘটনাৰ আঁৰত আছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা?
দিল্লীৰ শীৰ্ষ নেতাৰ ফোনৰ পৰা কি বাৰ্তা আহিছিল মুখ্যমন্ত্ৰীলৈ?

সমগ্ৰ দেশতে এতিয়া এটাই নাম গুৱাহাটী, গুৱাহাটী৷ প্ৰতিটো ৰাষ্ট্ৰীয় চেনেলত গুৱাহাটী৷ হঠাৎ গৰম হৈ পৰিল গুৱাহাটীৰ খবৰ৷ নিশাই মহাৰাষ্ট্ৰৰ পৰা চূৰাট হৈ পুৱা গুৱাহাটী পালেহি মহাৰাষ্ট্ৰৰ শাসকীয় পক্ষৰ ৪০ বিদ্ৰোহী বিধায়ক৷ মহাৰাষ্ট্ৰত চৰকাৰ সলনি হ’ব৷ উদ্ধৱ থাকৰে চৰকাৰক ক্ষমতাচূ্যত কৰাৰ বাবে অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটী৷ কিন্তু

কিয় মহাৰাষ্ট্ৰৰ বিধায়কৰ বাবে নিৰ্বাচিত হ’ল গুৱাহাটী?

ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থী নিৰ্বাচনৰ বাবে অনুষ্ঠিত হোৱা NDAৰ বৈঠকৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহিছিল এটা বিশেষ ফোন৷

হিমন্ত বিশ্ব শৰ্মাক ফোনত কি ক’লে শীৰ্ষ নেতাই?
মহাৰাষ্ট্ৰৰ পৰা অহা শাসকীয় পক্ষৰ বিদ্ৰোহী বিধায়কক আদৰিবৰ বাবে আহিছিল নেকি নিৰ্দেশ৷ বিষয়টোক লৈ উদাসীন মুখ্যমন্ত্ৰী৷

মহাৰাষ্ট্ৰৰ ৰাজনীতিত অভিকেন্দ্ৰ গুৱাহাটী হোৱাক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনাও প্ৰকাশ কৰিছে বিভিন্নজনে৷ মহাৰাষ্ট্ৰৰ ৰাজনীতিত এই চাঞ্চল্যকৰ মোৰ লোৱাত আঁৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে নেকি মুখ্যমন্ত্ৰী শৰ্মাই৷ নিজৰ ৰাজ্যৰ ৰাজধানী চহৰতে বাহৰ পতা বিধায়কসকলক লগ পাবলৈও যাব মুখ্যমন্ত্ৰী৷ তেওঁলোকৰ মাজত হেনো আছে মুখ্যমন্ত্ৰীৰ বন্ধুও৷ পিছে এই ঘটনাক লৈ নাৰাজ বিৰোধী৷ বানপানী এৰি মুখ্যমন্ত্ৰীসহ ৰাজ্য চৰকাৰ মহাৰাষ্ট্ৰৰ বিধায়কক লৈ ব্যস্ত থকাত ক্ষুৰধাৰ সমালোচনা Congress, AIUDF, AJP৷

বিৰোধীয়ে সমালোচনা কৰিলে মহাৰাষ্ট্ৰৰ ৰাজনীতিত লৈ গুৱাহাটীত সৃষ্টি হোৱা পৰিৱেশ লক্ষ্য কৰিছে সকলোৱে৷ বানপানী সমস্যাই বিশেষ গুৰুত্ব নাপালেও এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰ হোৱা গুৱাহাটীৰ কথা৷

Leave A Reply

Your email address will not be published.