danewsplus.com
danewsplus.com

এটা ভয়াৱহ দৃশ্য, যি দৃশ্য দেখিলে বুকু কঁপি উঠিব আপোনাৰ

0 143

ডিজিটেল ডেস্কঃ গাৰ নোম শিয়ৰি উঠা এটা ভয়ংকৰ দৃশ্য৷ বোকাৰে পুতি পেলোৱা পথেৰে এটা দলৰ মৰণক শৰণ দি যাত্ৰা৷ একে সময়তে পাহাৰৰ পৰা নামি আহিল বোকা-পানীৰ ধল৷ বুকু কঁপি উঠা এই ঘটনা ঘটিল মেঘালয়ত৷

এটা ভয়াৱহ দৃশ্য
যি দৃশ্য দেখিলে বুকু কঁপি উঠিব আপোনাৰ

বোকাৰ মাজত আবদ্ধ এদল লোক৷ বোকা ফালি ফালি আগবঢ়াৰ চেষ্টা কৰিছে দলটোৱে৷ পিঠি-কান্ধত বেগ৷ যেনেতেনে উদ্ধাৰ পোৱাৰ চেষ্টা দলটোৰ৷ চাওক কি এক মৰণপণ যুঁজ৷

এইবাৰ চাওক আন এটা দৃশ্য৷ হোৰাহোৰে নামি আহিছে বোকা-বালিৰ এটা স্ৰোত৷ ভূমিস্খলনৰ ভয়াৱহ দৃশ্য এয়া৷

আপুনি কোনোদিন নিশ্চয় দেখা নাই এনে দৃশ্য৷ পাহাৰীয়া পথেৰে বোকা-পানীৰ ঢল নামি আহিছে৷ দূৰতে এই দৃশ্য দেখি কঁপি উঠিছে পথচাৰীৰ বুকু৷ ৰৈ গৈছে যান-বাহন৷ ভালদৰে চাওক এই দুয়োটা দৃশ্য৷

এই দৃশ্য চুবুৰীয়া মেঘালয়ৰ৷ ধাৰাসাৰ বৰষুণৰ ফলত এই অৱস্থাৰ সৃষ্টি হৈছে বদৰপুৰ-শ্বিলং ৰোডত৷ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এইটো৷ কিন্তু এই মুহূৰ্তত ধৰিব নোৱাৰা হৈছে পথ নে পাহাৰীয়া নৈ৷ কিন্তু কেৱল পানী নহয়, ঢল হৈ নামি আহিছে বোকা মাটি৷ মেঘালয়ৰ সোণাপুৰত ঘটিছে এই ঘটনা৷ একাংশই বোকা ফালি ফালি যাত্ৰা কৰিছে সুৰক্ষিত স্থানলৈ৷ কিন্তু কি এক ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈছে চাওক৷ এই ভয়াৱহ ভূমিস্খলনৰ বুজ ল’বলৈ ঘটনাস্থলী পালেগৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা৷ মুখ্যমন্ত্ৰীজনে বুজ ল’লে আবদ্ধ হৈ পৰা যাত্ৰী আৰু বিভিন্ন সামগ্ৰী কঢ়িয়াই নিয়া ট্ৰাকচালকসকলৰ৷

৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা এই ভয়াৱহ দৃশ্যই আপোনাৰো নিশ্চয় বুকু কঁপাই তুলিছে৷ এতিয়া আপুনিয়েই ভাৱক এই পৰিস্থিতিৰ মুখামুখি হোৱাসকলৰ কি অৱস্থা হ’ব৷

Leave A Reply

Your email address will not be published.