danewsplus.com
danewsplus.com

মুকালমুৱাত চিজাৰিয়ানৰ নামত ভুক্তভোগীৰ পৰা ধন সংগ্ৰহ চিকিৎসকৰ

0 167

ডিজিটেল ডেস্কঃ মুকালমুৱাত চিকিৎসকৰ দ্বাৰা আজৱ কাণ্ড। চিজাৰিয়ানৰ নামত ভুক্তভোগীৰ পৰা ধন সংগ্ৰহ। খোদ মহকুমা স্বাস্থ্য বিষয়াৰ দ্বাৰাই ধন সংগ্ৰহৰ ঘটনা। ধন সংগ্ৰহ কৰা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে হাহাকাৰ। সন্তান জন্ম দিওৱাৰ বিনিময়ত প্ৰসূতিৰ আত্মীয়ৰ লগত দৰদাম।

মহকুমা স্বাস্থ্য বিষয়া ডাঃ চক্ৰধৰ বৰ্মনৰ দ্বাৰা এই কাণ্ড। ৰোগীৰ আত্মীয়ক ডাবি-ধমকি দি বিচাৰে ৮,০০০ টকা। পিছত ৫,০০০ টকাতে মান্তি হয় চিকিৎসকজন। এনাস্থেছিয়াৰ চিকিৎসকৰ বাবেও দাবী কৰি আদায় লয় ধন।

চিকিৎসকজনে টকাৰ লোভতে চিজাৰিয়ান কৰাৰ অভিযোগ। ২নং লোহাৰকাঠাৰ প্ৰসূতিগৰাকীৰ পৰিয়ালৰ গুৰুতৰ অভিযোগ।

Leave A Reply

Your email address will not be published.