danewsplus.com
danewsplus.com

এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ বদৰুদ্দিন আজমলৰ

0 128

ডিজিটেল ডেস্কঃ ‘ৰাজ্যৰ ৰাজকোষত নাই টকা’
‘খালী ৰাজকোষেৰে বান ৰোধ কৰিব নোৱাৰে চৰকাৰে’
মুখ্যমন্ত্ৰীক আক্ৰমণ বদৰুদ্দিন আজমলৰ
কিয় দিল্লীয়ে অসমক টকা নিদিয়ে?
অসমৰ বান প্ৰত্যক্ষ কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান আজমলৰ

গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ প্ৰায়সমূহ জিলা এতিয়া বানত। ঘৰ-বাৰী হেৰুৱাই নিৰাপদ স্থানলৈ দৌৰিছে জনসাধাৰণ৷ বানে জুৰুলা কৰা ৰাজ্যবাসীক সকাহ দিয়াৰ বাবে অপৰাগ হৈ পৰিছে ৰাজ্য চৰকাৰ৷ কাৰণ ৰাজ্য চৰকাৰৰ হাতত অৰ্থৰ নাটনি৷ যাৰ বাবে বানত আক্ৰান্তক একো সকাহ দিব পৰা নাই চৰকাৰখনে৷ এই অভিযোগেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ৷

কেৱল এয়াই নহয়, ৰাজ্যখনৰ এই দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰেও গ্ৰহণ কৰা নাই বিশেষ পদক্ষেপ৷ যি সময়ত কেন্দ্ৰীয় চৰকাৰে আৰ্থিক পুঁজি ঘোষণা কৰি ৰাজ্যৰ বানত আক্ৰান্তক সকাহ দিব লাগিছিল, তেনে সময়ত অসমৰ এই জ্বলন্ত সমস্যাক লৈ মূৰ পোলোকা মাৰিছে কেন্দ্ৰীয় চৰকাৰে৷ ইয়াৰ বাবেও কেৱল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰে সাংসদ বদৰুদ্দিন আজমলে৷ আজমলৰ মতে

‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি নাৰাজ প্ৰধানমন্ত্ৰী’
‘ড০ শৰ্মাৰ কথা-বাৰ্তাত বেয়া পাইছে মোদীয়ে’
‘যাৰ বাবে দুৰ্ভোগ ভুগিছে অসমবাসীয়ে’

সেয়ে উপায়হীন হৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা AIUDF প্ৰধানগৰাকীৰ৷ ৰাজ্যখনৰ এই দুৰ্যোগৰ সময়ত প্ৰধানমন্ত্ৰীক সুদৃষ্টি দিয়াৰ আহ্বান বদৰুদ্দিন আজমলৰ৷

সৌ সিদিনা লৈকে মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হোৱা AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ আজিৰ এই আক্ৰমণৰ আঁৰৰ ৰহস্য কি? সঁচাকৈয়ে কেন্দ্ৰীয় চৰকাৰৰ লগত দূৰত্ব বাঢ়িছে নেকি অসম চৰকাৰৰ? যদি এয়া সঁচা হয়, তেনেহ’লে অসমবাসীৰ বাবে এয়া দুৰ্ভাগ্যৰ বাহিৰে আন একো হ’ব নোৱাৰে৷

Leave A Reply

Your email address will not be published.