danewsplus.com
danewsplus.com

এইবাৰৰ অম্বুবাচী মেলাত নচলিব VIP সংস্কৃতি, কি নিয়ম মানিব লাগিব ভক্তই

0 116

ডিজিটেল ডেস্কঃ দুবছৰৰ অন্তত ২২ জুনৰ পৰা ২৬ জুনলৈ পুনৰ অনুষ্ঠিত হ’ব অম্বুবাচী মেলা। কিন্তু অম্বুবাচী মেলাক লৈ হাতে-কামে লগা নাই ৰাজ্য চৰকাৰৰ বিভাগসমূহে। কিয়নো বৃহস্পতিবাৰে অম্বুবাচী মেলাৰ প্ৰস্তুতি বুজ লবলৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা উপস্থিত হৈছিল ফাঁচিবজাৰৰ পুৰণি কাৰাগাৰত।

ফাঁচিবজাৰত ভক্তৰ বাবে নিৰ্মাণ কৰা হৈছে ৪ টাকৈ অস্থায়ী শিবিৰ। শিবিৰ কেইটা পৰিদৰ্শন কৰাৰ লগতে অম্বুবাচী মেলাৰ প্ৰস্তুতি বুজ লৈছিল বিষয়াসকলৰ পৰা। কিন্তু মন্ত্ৰীয়ে বিচৰা দৰে সঠিক উত্তৰ দিব পৰা নাছিল বিষয়া সকলে। সেয়েহে মন্ত্ৰীৰ ধমক খালে বিষয়াসকলে।

ইয়াৰ উপৰিও ভক্তসকলৰ বাবে অম্বুবাচী মেলাক লৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ কেইবাটাও নীতি নিৰ্দেশনা

  • এইবাৰৰ অম্বুবাচী মেলাত নচলিব VIP সংস্কৃতি
  • কামাখ্যা মন্দিৰলৈ কোনেও নিব নোৱাৰিব বাহন
  • VIP Pass ৰ ক্ষেত্ৰতো কঠোৰ হব প্ৰশাসন
  • প্ৰশাসনে কৰিব ফেৰীসেৱাৰ ব্যবস্থা
  • ৰে’ল ষ্টেচন অথবা ISBT পৰা বাছেৰে শিবিৰলৈ অনা হব ভক্তক
  • জাকজমকতাৰ বিপৰীতে স্বচতাক দিয়া হব অধিক গুৰুত্ব
  • নিলাচলৰ বুকুত বিতৰন কৰিব নোৱাৰিব খাদ্য
  • অহা-যোৱা পথতহে বিতৰন কৰা হব পানী

ক’ভিড পৰিস্থিতি খাম কাটিলেও ভক্তসকলে মানি চলিব লাগিব কিছু ক’ভিড নিৰ্দেশনা। ক’ভিডৰ বাবেও এইবাৰ ৰাজ্য চৰকাৰে কোনো প্ৰচাৰ চলোৱা নাই বুলিও জনালে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই।

মুঠৰ ওপৰত বিভিন্ন নীতি নিয়মৰ মাজত অনুষ্ঠিত হব এইবাৰৰ অম্বুবাচী মেলা। ৪ দিনৰ বাবে ভক্তি ৰসেৰে বিলিন হ’ব নিলাচলৰ বুকু।

Leave A Reply

Your email address will not be published.