danewsplus.com
danewsplus.com

পুণৰ বিতৰ্কত চানমাৰিৰ হলীচাইল্ড স্কুল, বাছ চালকৰ হাতত ওলাইছে ড্ৰাগছ

0 267

পুণৰ বিতৰ্কত চানমাৰিৰ হলীচাইল্ড স্কুল
ছাত্ৰী নিৰ্যাতন পিছত এইবাৰ ড্ৰাগছ ব্যৱসায়

স্কুল বাছচালকৰ হাতত ড্ৰাগছ কণ্টেইনাৰ আৰু ছিৰিঞ্জ

এইটো হৈছে সোমবাৰৰ বিয়লিৰ দৃশ্যাংশ। চান্দমাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল এইটো ড্ৰাগছ মাফিয়াক।কৃষ্ণ নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ড্ৰাগছ সৰবৰাহকাৰী এইটো নিতু মণি কলিতাক।ৰাইজে ধৰি গতাই দিছিল চান্দমাৰী আৰক্ষীক ।সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰা হৈছিল এই কেইটা ড্ৰাগছৰ কণ্টেইনাৰ।আৰক্ষীৰ তদন্তত এইবাৰ পোহৰলৈ আহিছে বিস্ফোৰক তথ্য।

ড্ৰাগছ সৰবৰাহকাৰী নিতুমণি পূৰ্বে আছিল চানমাৰি আৰক্ষী চকীৰ গাড়ীচালক
বৰ্তমান হলীচাইল্ড স্কুলৰ বাছচালক এইটো সৰবৰাহকাৰী নিতুমণি

কিছুদিন পূৰ্বে বিতৰ্কত নাম সাঙৰ খাইছিল চান্দমাৰীৰ এইখন ব্যক্তিগত খণ্ডৰ অভিজাত বিদ্যালয় হলী চাইল্ড। বিষয় আছিল স্কুল বাছৰ ভিতৰতেই ছাত্ৰীক নিৰ্যাতন চলাইছিল বাছ চালকে। আৰু এইবাৰ অন্য এটা বিষয়ক লৈ বিতৰ্কত নাম সোমাইছে এইখন বিদ্যালয়ৰে।

হলীচাইল্ড বিদ্যালয়ৰ একাংশ বাছচালকে কৰে ড্ৰাগছ সৰবৰাহ
ড্ৰাগছ সৰবৰাহৰ আহিলা হৈ পৰিছে স্কুল বাছ
স্কুল বাছত নচলে আৰক্ষীৰ তালাচী
ইয়াৰ সুবিধা লৈছে একাংশ ড্ৰাগ্ছ সৰবৰাহকাৰীয়ে

মাৰাত্মক ড্ৰাগছক লৈ কঠোৰৰ পৰা কঠোৰতম ব্যবস্থা গ্ৰহণ কৰিছে চৰকাৰ প্ৰশাসনে আৰু সিমানেই সৰবৰাহকাৰীসকলে নতুন নতুন ব্যবস্থা অৱলম্বন কৰিছে। আৰু এইবাৰ স্কুল বাছৰ চালকৰ হাতত ড্ৰাগছ ধৰাপৰাৰ পিছতেই চিন্তিত হৈ পৰিছে ছাত্ৰ – ছাত্ৰীৰ পিতৃ- মাতৃ।

GMCৰ ডাম্পাৰতো উদ্ধাৰ হৈছে ড্ৰাগ্ছ

ইয়াৰ উপৰিও মহানগৰীত এতিয়াও সক্ৰিয় হাৰত আছে ড্ৰাগছ সৰবৰাহকাৰী। ইয়াৰ প্ৰমান এইয়াই।কালিৰ সন্ধিয়াৰ ভাগত মহানগৰীৰ বামুনিমৈদাম দুৰ্ঘটনাত প্রতিত হৈছিল এইখন দাম্পাৰ। ডাম্পাৰ খনে মহতিয়াৰ নিছিল এখন ইণ্ডিকা। দুঘটনা সংঘটিত কৰা দাম্পাৰ খন আছিল GMC ৰ। আৰু সেই GMC ডাম্পাৰ খনৰ পৰাও উদ্ধাৰ কৰিছিল ড্ৰাগছ কণ্টেইনাৰ।

Leave A Reply

Your email address will not be published.