danewsplus.com
danewsplus.com

দিল্লীত শীৰ্ষ IAS বিষয়াৰ কাণ্ড,নিজৰ কুকুৰক খোজকঢ়াবৰ বাবে খেলুৱৈক ষ্টেডিয়াম এৰাৰ নিৰ্দেশ

0 226

ডিজিটেল ডেস্কঃ নিজৰ কুকুৰক খোজ কঢ়াবৰ বাবে ষ্টেডিয়ামত অনুশীলন কৰি থকা খেলুৱৈক সোনকালে ট্ৰেক এৰাৰ বাবে শীৰ্ষ আমোলাৰ নিৰ্দেশ ৷ দিল্লীৰ ৰাজহ বিভাগৰ প্ৰধান সচিব IAS বিষয়া সঞ্জীৱ খিৰৱাৰক এনে এক কাণ্ডৰ পিছত তৎকালেই বদলি কৰা হৈছে লাডাখলৈ ৷ খিৰৱাৰৰ উপৰি তেওঁৰ পত্নী IAS বিষয়া ৰিংকু ডুগ্গাকো বদলি কৰা হৈছে৷ ডুগ্গাক বদলি কৰা হৈছে অৰুণাচললৈ ৷ দিল্লী চৰকাৰৰ ত্যাগৰাজ ষ্টেডিয়ামত অনুশীলন কৰি থকা খেলুৱৈসকলক নিজৰ কুকুৰটো খোজকঢ়াবৰ বাবে সোনকালে ট্ৰেক এৰাৰ বাবে প্ৰতিদিনে নিৰ্দেশ দিছিল খিৰৱাৰে৷ এইকথা পোহৰলৈ অহাত খেলুৱৈ আৰু ৰাজনৈতিক মহলত প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ বৃহস্পতিবাৰে দুয়োগৰাকী বিষয়াকে বদলিৰ নিৰ্দেশ দিয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে৷

Leave A Reply

Your email address will not be published.