danewsplus.com
danewsplus.com

ৰাষ্ট্ৰীয় কৃষি শিক্ষা মূল্যায়ন বৰ্ডৰ ‘এ’ গ্ৰেড লাভ অসম কৃষি বিশ্ববিদ্যালয়ৰ

0 147

ডিজিটেল সংবাদ, যোৰহাটঃ কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত প্ৰণালীবদ্ধভাৱে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়লৈ ৰাষ্ট্ৰীয় কৃষি শিক্ষা মুল্যায়ন বৰ্ডে এ গ্ৰেড প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় কৃষি শিক্ষা মুল্যায়ন বৰ্ডৰ ১৭ মাৰ্চ ২০২২তাৰিখে অনুষ্ঠিত ৩০ সংখ্যক সভাৰ সিদ্ধান্ত মৰ্মে অসম কৃষি বিশ্ববিদ্যালয়ক এ গ্ৰেড প্ৰদান কৰিছে।

ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ শিক্ষা মান পৰীক্ষা আৰু সংস্কাৰ শাখাৰ সহকাৰী সঞ্চালক প্ৰধান ড° পি এছ পাণ্ডেই অসম চৰকাৰ আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ প্ৰেৰণ কৰা পত্ৰৰ জৰিয়তে এই বিষয়ে জানিবলৈ দিছে।বিশ্ববিদ্যালয়খনৰ এই মুল্যায়ন ৩১ মাৰ্চ ২০২৬ লৈকে অহা ৫ বছৰৰ বাবে প্ৰযোজ্য হ’ব। উল্লেখ্য যে, ৰাষ্ট্ৰীয় কৃষি শিক্ষা মুল্যায়ন বৰ্ডৰ পাঁচজনীয়া এটা দলে বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন মহাবিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে দৃশ্যশ্ৰাব্য ব্যৱস্থাপনাৰে বিশ্ববিদ্যালয়ৰ অভ্যন্তৰীণ অৱস্থাৰ বিস্তৃতভাবে বুজ লোৱাৰ পাছত এই সন্মান প্ৰদান কৰে।

এই মূল্যায়নৰ পাছত বিশ্ববিদ্যালয়খনে স্ব শিক্ষণ ব্যৱস্থাৱলী, শিক্ষাৰ্থী-শিক্ষক তথা ডিগ্ৰী পাঠ্যক্ৰমৰ গতিবিধি নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰিব ভাৰতীয় কৃষি অনুসন্ধান পৰিষদে। তদুপৰি স্নাতক-স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰী সম্পৰ্কীয় সামৰ্থতা তথা ফেকাল্টী- কাৰিকৰী আৰু সহযোগী কৰ্মচাৰীৰ স্ব মুল্যায়িত প্ৰতিবেদনো নিয়মীয়াকৈ প্ৰস্তুত কৰিব লাগিব। ইতিমধ্যে এই খবৰে অসম কৃষি বিশ্ববিদ্যালয় পৰিয়ালক উৎফুল্লিত কৰি তুলিছে।

এই সন্দৰ্ভত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই কয় যে এই সন্মান আমাৰ দলগত প্ৰচেষ্টাৰ ফচল । আমাৰ বিশ্ববিদ্যালয় পৰিয়ালে সামুহিকভাবে দায়বদ্ধতাৰে নিৰৱচ্চিন্নভাবে কাম কৰি অহাৰ বাবেই আমি এইবাৰ ৩•২০ লাভ কৰি এ গ্ৰেড লাভ কৰিছো। এই গ্ৰেড লাভৰ পাছত আমাৰ বিশ্ববিদ্যালয়ে আৰ্থিক অনুদান লাভৰ দিশত অধিক সহায়ক হৈ আমাৰ উত্তৰণৰ দিশত ফলপ্ৰসু হব বুলি আশা কৰিছো।

Leave A Reply

Your email address will not be published.